27 C
Guwahati
Monday, November 29, 2021
More

    কাছাৰ জিলাত একেটা ডালতে চিপ লৈ আত্মহত্যা প্ৰেমিক প্ৰেমিকাৰ

    বৰ্তামানে ৰহস্যৰ মাজত সোমাই পৰিছে আত্মহত্যাৰ কাৰণ, কিয় আত্মহত্যা কৰিলে দুয়ো সেই ৰহস্য ভেদ কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে

    কাছাৰ জিলাৰ ধলাই ৰাজঘাটত সংঘটিত হৈছে এতি অতি মৰ্মান্তিক ঘটনা৷ একেডাল গছৰে একেটা ডালতে চিপ লৈ আত্মহত্যা কৰিলে প্ৰেমিক প্ৰেমিকাই৷

    আজি ২০২০, ৪জুনৰ পুৱা পথৰ কাষৰ এডাল গছৰ ডালত একেলগে চিপ লগাই ওলমি থকা অৱস্থাত দুই প্ৰেমিক প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ হয়।

    মৃত যুৱকগৰাকী ধলাই ৰাজঘাটৰে বাসিন্দা বুলি স্থানীয় প্ৰত্যক্ষদৰ্শী ৰাইজৰ পৰা জানিব পৰা গৈছে।

    আনহাতে ঘটনা সন্দৰ্ভত জানিব পৰা মতে মৃত প্ৰেমিকাগৰাকী কচুধৰমৰ পৰা ৰাজঘাট স্থিত মোমায়েকৰ ঘৰলৈ বুলি ফুৰিবলৈ আহিছিল।

    স্থানীয় লোকে জনোৱা অনুসৰি দীৰ্ঘদিনৰে পৰা দুয়োগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক চলি আছিলে।

    কিন্তু আজি হঠাৎ দুয়োগৰাকীয়ে এনে এক পদক্ষেপ কিয় গ্ৰহণ কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই।

    পুৱাৰ ভাগত কোনো পথাচাৰিয়ে ওলমি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

    বৰ্তামানে ৰহস্যৰ মাজত সোমাই পৰিছে আত্মহত্যা টোৰ কাৰণ। ৰহস্য ভেদ কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

    আনহাতে মৰণোত্তৰ পৰিক্ষাৰ বাবে দুয়োটা মৃতদেহ শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে৷ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

    Photo Credit: @yasinmazumder

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং