26 C
Guwahati
Wednesday, September 28, 2022
More

    কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

    গণ সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ‍্যয়ন বিভাগৰ স্নাতকোত্তৰ প্ৰথম Batchৰ ছাত্ৰ ৰাহুল বৰদলৈয়ে সাধাৰণ সম্পাদক পদত জয়লাভ কৰে

    কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। গণ সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ‍্যয়ন বিভাগৰ স্নাতকোত্তৰ প্ৰথম Batchৰ ছাত্ৰ ৰাহুল বৰদলৈয়ে সাধাৰণ সম্পাদক পদত জয়লাভ কৰে। নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাহুলে।

    ৰাহুল বৰদলৈ

    তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী সীমান্ত দাসক ৪৫০টাৰো অধিক ভোটৰ ব‍্যৱধানত পৰাস্ত কৰে।

    আছুৰ সমৰ্থিত প্ৰাৰ্থী অভিলাষা নেওগৰ জয়লাভ সহঃ সাধাৰণ সম্পাদিকা পদত। নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী হীৰকজ্যোতি পাটোৱাৰীৰ সভাপতি পদত জয়ী।

    নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী মনীষা ডেকাৰ জয়লাভ উপ-সভানেত্ৰী পদত।

    মনীষা ডেকা

    সংগীত বিভাগৰ দায়িত্ব প্ৰদান ছাত্ৰ মুক্তিৰ সমৰ্থিত প্ৰাৰ্থী অংকিতা ডেকাক।

    অংকিতা ডেকা

    সেইদৰে আলোচনী সম্পাদক পদত জয়লাভ কৰিছে আছুৰ সমৰ্থিত প্ৰাৰ্থী হৃষীকেশ গোস্বামীয়ে।

    সমাজসেৱা বিভাগৰ দায়িত্বত নিৰ্দলীয় প্ৰাৰ্থী অংশুমিতা ভৰদ্বাজ, সাংস্কৃতিক বিভাগৰ দায়িত্বত আছু সমৰ্থিত প্ৰাৰ্থী অনিমেষ ভাগৱতী। আৰু শৰীৰ চৰ্চা বিভাগৰ দায়িত্বত আছু সমৰ্থিত মুকুল ডেকাৰ জয়লাভ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং