25 C
Guwahati
Wednesday, October 20, 2021
More

    মাজুলীত টি কে কোম্পানীৰ লুন্থনৰাজ; জিঅ’ বেগত আধা মাটি ভৰাই খহনিয়া ৰোধৰ চেষ্টা

    জিঅ' বেগসমূহত কমকৈ মাটি ভৰাই, বহু বেগত মাটি নভৰোৱাকৈ ব্ৰহ্মপুত্ৰত পেলোৱাৰ ফলত বেগসমূহ অনায়াসে ব্ৰহ্মপুত্ৰৰ সোঁতত উঁটি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে

    মাজুলীৰ ভৌগলিক সুৰক্ষা প্ৰদানৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ অমনোযোগিতা , অনীহাৰ বাবেই বাৰে বাৰে টি কে কোম্পানীয়ে দুৰ্নীতি কৰি থকাৰ কথা পোহৰলৈ আহিছে ৷ আফলামুখ – শালমৰাৰ তিনি নম্বৰ স্পাৰত এই অনিয়ম। শালমৰাৰ পৰা দক্ষিণপাটলৈকে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা ২৩৭ কোটি টকাৰ ব্যয় সাপেক্ষে জিঅ’ বেগ স্থাপন কৰি থকাত ব্যাপক দুৰ্নীতি হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

    শেহতীয়াকৈ কোম্পানীটোৱে অফলামুখৰ তিনি নম্বৰ স্পাৰত জিঅ’ বেগ সংস্থাপনৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে ৷ জিঅ’ বেগসমূহত কমকৈ মাটি ভৰাই, বহু বেগত মাটি নভৰোৱাকৈ ব্ৰহ্মপুত্ৰত পেলোৱাৰ ফলত বেগসমূহ অনায়াসে ব্ৰহ্মপুত্ৰৰ সোঁতত উঁটি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

    মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডক দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে এই অনিয়ম সম্পৰ্কত অৱগত কৰি আহিছে যদিও কি বৰ্ডৰ বিষয়া, কি কোম্পানীৰ বিষয়া কোনেও বিষয়টোৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাৰ ফলত সংঘটিত হৈ আহিছে ব্যাপক অনিয়ম ৷ মাজুলী সুৰক্ষাৰ দায়িত্ব থকা ব্ৰহ্মপুত্ৰ বৰ্ডে মাজুলী সুৰক্ষাৰ নামত ঠিকাদাৰসহ মিলি বিষয়াসকলে বৰ্তমান ব্যাপক লুন্থনৰাজ চলোৱাৰহে অভিযোগ উঠিছে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং