31 C
Guwahati
Tuesday, October 4, 2022
More

    নিজামুদ্দিনলৈ যোৱা মণিপুৰৰ এজনৰ দেহত ধৰা পৰিছে কৰ’ণা

    টুইটাৰত এই কথা প্ৰকাশ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

    সমগ্ৰ ভাৰততে কৰ’ণা ভাইৰাছে ধৰিছে সংহাৰী ৰূপ। অতদিনে এটাও পজিটিভ কেচ ধৰা নপৰা অসমত সদ্যহতে ধৰা পৰিল ১৬ টাকৈ পজিটিভ ঘটনা।দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় সভাত ভাগ লৈছিল আক্ৰান্ত কেইজনে। যি ঘটনাই ৰাজ্যখনত আতংকৰ সৃষ্টি কৰিছে। অসমৰ উপৰিও নিজামুদ্দিনৰ পৰা অহা মণিপুৰৰ আৰু এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ।

    এইপৰ্যন্ত মণিপুৰত দুগৰাকীকৈ ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণাত। টুইটাৰত এই কথা প্ৰকাশ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ। কেইবাগৰাকীও লোকক কৰ’ণাৰ সন্দেহত ৰখা হৈছে কোৱাৰেণ্টাইনত। সমগ্ৰ উত্তৰ-পূৱত এইপৰ্যন্ত মুঠ ১৯জন লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত।

    Photo Credit: Kalinga TV

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং