25 C
Guwahati
Thursday, October 6, 2022
More

    নিজৰ বিয়াৰ বাবে সাঁচি থোৱা ধন মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়ালে যুৱতীয়ে

    যুৱতীগৰাকীয়ে এই অনুদানৰ ধন জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাৰ হাতত অৰ্পণ কৰে

    অসমত ব্যাপক ৰূপত বৃ্দ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। এইপৰ্যন্ত ৰাজ্যত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ২৬লৈ। অসমত কৰ’ণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ ৰঙিয়াৰ এগৰাকী যুৱতীয়ে বিয়াৰ বাবে পিতৃয়ে সাঁচি থোৱা ধনৰ এক লাখ টকা অসম আৰোগ্য নিধিলৈ আগবঢ়ায়।

    যুৱতীগৰাকীয়ে এই অনুদানৰ ধন জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাৰ হাতত অৰ্পণ কৰে। সহৃদয়তাৰ পৰিচয় দিয়া এই যুৱতীগৰাকী হৈছে ক্ষুদ্ৰ ব্যৱসায়ী গৌতম ঘোষৰ কন্যা ৰীমা ঘোষ। ৰীমা ঘোষৰ এই মহানুভৱতাক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

    Photo: Time8

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং