26 C
Guwahati
Friday, October 7, 2022
More

    কৰ’ণা ভাইৰাছ ট্ৰেকিং এপঃ Aarogya Setuৰে কৰ’ণাত আক্ৰান্ত লোকক কেনেদৰে ট্ৰেক কৰিব পাৰিব

    এই এপটোই সেইটো সময়ত এলাৰ্ট কৰিব যেতিয়া আপুনি কৰ'ণা ভাইৰাছত সংক্ৰমিত কোনো লোকৰ সৈতে সংস্পৰ্শলৈ আহে

    কৰ’ণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ সমগ্ৰ বিশ্বই এতিয়া পৃথক-পৃথক উপায় অৱলম্বন কৰি আছে। ভাৰততো ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কৰ’ণা ভাইৰাছৰে যুঁজ দিবলৈ যিমান সম্ভৱ চেষ্টা চলাই আছে। COVID-19ক ট্ৰেক কৰিবলৈও বিভিন্ন ধৰণৰ এপ মুকলি কৰিছে। কিছুদিন পূৰ্বে কেন্দ্ৰ চৰকাৰে Korona Kavach নামৰ এটা এপ মুকলি কৰিছিল। সেই একেধৰণে বুধবাৰে আৰু এটা চৰকাৰী এপ Aarogya Setu মুকলি কৰা হ’ল। আৰোগ্য সেঁতু এপটোও কৰ’ণা কৱচৰ দৰে কৰ’ণা ট্ৰেকাৰ এপ হয়।

    এই এপটোই সেইটো সময়ত এলাৰ্ট কৰিব যেতিয়া আপুনি কৰ’ণা ভাইৰাছত সংক্ৰমিত কোনো লোকৰ সৈতে সংস্পৰ্শলৈ আহে। Aarogya Setu এপ এনড্ৰয়ড আৰু আইফোনৰ বাবে উপলব্ধ। এপটোৰে য়ুজাৰৰ ফোনৰ ব্লুটুথ, লোকেচন আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি ট্ৰেক কৰে। এই এপটোত কৰ’ণাৰ হেল্প চেণ্টাৰ আৰু Self assessment testৰ দৰে অপচন থাকিব যাৰ দ্বাৰা আপুনি তদন্ত কৰিব পাৰিব যে আপুনি COVID-19ৰ সংস্পৰ্শত আহিছে নে নাই। সৰ্বমুঠ ১১ টা ভাষাত উপলব্ধ এই বিশেষ এপটো।

    আহক জানো Aarogya Setu এপৰ কেইটামান গুৰুত্বপূৰ্ণ কথা…

    এপটো ডাউনলোড কৰিবলৈ গুগল প্লে বা এপ ষ্টোৰত ‘AarogyaSetu’ টাইপ কৰক। এটা কথা মন কৰিব যে টাইপ কৰোতে আৰোগ্যসেঁতুৰ মাজত ঠাই নাৰাখিব।

    এই এপটো পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ আধাৰত NICৰ দিশ-নিৰ্দেশত প্ৰস্তুত কৰা হৈছে। এইটো কথা মনত ৰাখিব যে প্লে ষ্টোৰত বহুতো ভুৱা এপছো আছে, যাৰ বাবে ডাউনলোড কৰোতে চিন্তা চৰ্চা কৰি কৰিব। NICয়ে এপটো পাব্লিছ কৰিছে আৰু Developerৰ নামৰ আধাৰত এনড্ৰয়ডত NIC eGov Mobile Apps আৰু আইফোনত NIC দেখুওৱাব। ইয়াৰ বাবে সঠিক এপ ডাউনলোড কৰক আৰু সুৰক্ষিত থাকক।

    Aarogya Setu এপ ট্ৰেছিং আৰু আপুনি সুৰক্ষিত আছে নে নাই জানিবলৈ মোবাইল নম্বৰ, ব্লুটুথ আৰু লোকেচন ডেটাৰ ব্যৱহাৰ কৰে।

    এইদৰে কৰক ব্যৱহাৰ

    আৰোগ্য সেঁতু এপ ব্যৱহাৰ কৰিবলৈ ফোন নম্বৰ ৰেজিষ্টাৰ কৰক। ফোন নম্বৰ দিয়াৰ পিছত এটা OTP আহিব আৰু সেই OTPটো ভৰালে এপত ৰেজিষ্ট্ৰেচন হৈ যাব।

    ইয়াৰ পিছত আপুনি দিব লাগিব ব্লুটুথ আৰু জিপিএছৰ এক্সিছ

    এপটো খোলাৰ পিছত ব্যক্তিগত তথ্য বিচাৰে। য’ত থাকিব লিংগ, নাম, বয়স, পেছা আৰু বিগত ৩০ দিনৰ ট্ৰেভেল হিস্ত্ৰ্ৰী।

    ইয়াৰ পিছত আপুনি নিজৰ ভাষাও নিৰ্বাচন কৰিব পাৰে।

    Photo credit: navbharattimes.indiatimes.com

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং