19 C
Guwahati
Monday, November 28, 2022
More

    নিজামুদ্দিনলৈ নোযোৱাকৈ কৰ’ণাত আক্ৰান্ত হোৱা প্ৰথমজন ৰোগী ধৰা পৰিল গুৱাহাটীত

    মহানগৰীৰ জুস্থিত স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ আৱাসী তেওঁ

    অসমত কৰ’ণা আক্ৰান্ত ৰোগী ব্যাপক ৰূপত বৃদ্ধি পাইছে। ক্ৰমাৎ তীব্ৰ গতিত বৃদ্ধি পাইছে অসমৰ কৰ’ণা ৰোগীৰ সংখ্যা। বৰ্তমান অসমত কৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি পালে ২৪লৈ। মহানগৰীৰ জুস্থিত স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ আৱাসী এজনৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰিছে। ২৫দিন পূৰ্বে দিল্লীৰ পৰা উভতি আহিছিল লোকজন।

    ১৪দিনে দেহত ধৰা পৰা নাছিল ভাইৰাছৰ কোনো লক্ষণ।সৰুসজাইৰ আছুতীয়া কক্ষত ৰখা হৈছিল লোকজনক। স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ধৰা পৰিছিল কৰ’ণা ভাইৰাছ।বৰ্তমান MMCHত ৰখা হৈছে স্পেনিছ গাৰ্ডেনৰ আৱাসীজনক।নিজামুদ্দিনৰ মাৰকাজলৈ নোযোৱাকৈ সংক্ৰমিত হোৱা তেওঁ অসমৰ প্ৰথমজন কৰ’ণা ৰোগী হিচাপে চিহ্নিত হৈছে।

    Photo Credit: Reuters

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং