কৰ’ণাৰ সৰ্বগ্ৰাহী আতংকৰ মাজতে টিংখাঙত ভয়ংকৰ ঘটনা। টিংখাঙৰ কুঁৱৰীগাঁৱৰ পৰা বুধবাৰে টিংখাং আৰক্ষীয়ে আটক কৰে কোৱাৰেন্টাইনত থকা এজন যুৱকক। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আটক কৰা যুৱক হৈছে মৰাণ পিয়লি নগৰৰ চলমান খান (২১)। ধৃত যুৱকজনে নগালেণ্ডৰ জাক বস্তিত কৰ্মৰত আছিল।
যোৱা ২৯ মাৰ্চত নগালেণ্ডৰ পৰা অসমলৈ অহাৰ পাছত স্বাস্থ্য বিভাগে ৩০ মাৰ্চৰ পৰা ১৩ এপ্ৰিলকৈ হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল। জানিব পৰা মতে চলমান খানে ১৩ এপ্ৰিলৰ দিনা মৰাণ ৰাজহ চক্ৰ বিষয়াৰ পৰা পত্নীৰ ঔষধ ক্ৰয়ৰ অজুহাত দেখুৱাই এদিনৰ বাবে টিংখাঙলৈ যোৱাৰ অনুমতি লাভ কৰিছিল।

উক্ত দিনাই চলমান খানে আইনোল ইছলাম নামৰ বন্ধু এজনৰ লগত টিংখাঙৰ কুঁৱৰীগাঁৱৰ শহুৰেক হাছান(মুন্না)ইছলামৰ ঘৰলে মটৰচাইকেলেৰে আহি ৩ দিন আত্মগোপন হৈ আছিল। বুধবাৰে স্থানীয় কিছুসংখ্যক লোকে চলমান খানৰ হাতত থকা ষ্টাম্পৰ চিন প্ৰত্যক্ষ কৰাৰ পাচতে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়।
কুঁৱৰীগাঁৱৰ গাঁও পঞ্চায়তৰ সভাপতি, স্থানীয় গাঁওবুঢ়া আশ্ৰয়দাতা হাছেন(মুন্না) হুছেইনৰ ঘৰত উপস্থিত হৈ গোটেই বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰে। টিংখাং আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক আইন অমান্য কৰাৰ গোচৰত আটক কৰিছে যদিও বিষয়টোত আৰক্ষীয়ে অধিক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

ইফালে স্থানীয় বাসিন্দা সকলে চলমান খানে আশ্ৰয় গ্ৰহণ কৰা শহৰেকৰ ঘৰৰ সকলো লোকক কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে অঞ্চলটো চেনিটাইজেশ্বন কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।
Photo: Time8