17.2 C
Guwahati
Saturday, December 3, 2022
More

    চীনত মানুহৰ প্ৰাণকঢ়াত ছাৰছ ভাইৰাছৰ অভিলেখ ভংগ কৰিলে কৰ’ণা ভাইৰাছে

    চীনত ছাৰছ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল ৭৭৪জন

    চীনত এতিয়া কেৱল মৃত্যুৰ কিৰিলি। বিজ্ঞান-প্ৰযুক্তিৰে সমগ্ৰ বিশ্বক চমক দিয়া চীন আজি অসহায়। কৰ’ণা ভাইৰাছ নামৰ সন্ত্ৰাস সৃষ্টিকাৰী ভাইৰাছবিধে চীনৰ স্বাভাৱিক জীৱন যাত্ৰা একেবাৰে মষিমূৰ কৰি পেলাইছে। ২০০২–০৩ত ছাৰছ নামৰ ভাইৰাছবিধে এনেদৰেই প্ৰাণঘাটী ভাইৰাছৰ ৰূপ লৈছিল। বনৰীয়া জীৱ-জন্তু বিশেষকৈ বাদুলীৰ পৰা বিয়পি পৰিছিল ছাৰছ ভাইৰাছ (SARS:Severe Acute Respiratory Syndrome)। ৮০০০ লোকৰ দেহত সংক্ৰমিত হোৱা এই ভাইৰাছবিধে প্ৰাণ কাঢ়িছিল ৭৭৪জন ৰোগীৰ।

    এতিয়া কৰ’ণা ভাইৰাছে ভংগ কৰিলে ছাৰছ ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৯০৮জন লোক। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ। বিশেষজ্ঞ চিকিৎসকসকলে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বিভিন্ন প্রাণীৰ পৰা ঘটা বুলি ধাৰণা কৰিছে যদিও কোনেও স্পষ্ট কাৰণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই।

    উল্লেখ্য যে চীনক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা, ভাৰতৰ লগতে অন্য কিছু দেশ। কৰ’ণা ভাইৰাছক ৰুধিবলৈ ঔষধ,ছিটা আদি উদ্ভাৱনৰ বিৰামহীন প্ৰচেষ্টা অব্যাহত ৰাখিছে চিকিৎসক তথা বিজ্ঞানী মহলে। প্ৰায় ২৬ খন দেশত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা বুলি সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

    Photo Credit: The New York Times

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং