এতিয়া বিশ্বৰ চৌদিশে মাথো এটাই শব্দই উচ্চাৰিত হৈছে.. কৰ’ণা..কৰ’ণা মাথো কৰ’ণা। সমগ্ৰ বিশ্বৰ প্ৰায় ২০০খন দেশক এতিয়া কৰ’ণা ভাইৰাছে গ্ৰাস কৰিছে।ভাৰততো পৰিল কৰ’ণাৰ কোপদৃষ্টি।প্ৰতিদিনে বাঢ়িছে কৰ’ণাত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা।ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যই এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্ত। সৌভাগ্য ক্ৰমে বাচি আছে অসম,অৰুণাচল প্ৰদেশ,ছিকিম,নগালেণ্ড, মেঘালয়,ত্ৰিপুৰা আৰু ঝাৰখণ্ড।
এইপৰ্যন্ত ভাৰতত ১,০২৯জনকৈ লোক কৰ’ণাত আক্ৰান্ত। দেশৰ ভিতৰত সৰ্বাধিক কৰ’ণাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ পিছতে সৰ্বাধিক কৰ’ণাত আক্ৰান্ত হোৱা ৰাজ্য কেৰালা। উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামৰ এজনকৈ লোকৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰিছে। মণিপুৰৰ এগৰাকী ছাত্ৰী লণ্ডনৰ পৰা উভতাৰ পাছত আৰু মিজোৰামৰ এজন লোক নেডাৰলেণ্ডৰ পৰা উভতাৰ পিছত দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।
Photo Credit: The Week