23.7 C
Guwahati
Thursday, October 6, 2022
More

    নলবাৰীত এতিয়ালৈ কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪,নিৰীক্ষণত আছে ৬৭

    আজি নলবাৰীৰ পৰিস্থিতিৰ বুজ লয় পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই

    নলবাৰীত এতিয়ালৈ কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হ’লগৈ ৪। এতিয়ালৈ চিকিৎসালয়ত আছুতীয়াকৈ নিৰীক্ষণত ৰখা লোকৰ সংখ্যা হ’লগৈ ৬৭। আজি নলবাৰীৰ পৰিস্থিতিৰ বুজ লয় পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । উপায়ুক্তৰ কক্ষত এই সম্পৰ্কে টাক্স ফোৰ্চৰ এক পৰ্য্যবেক্ষণ সভাও অনুষ্ঠিত হয়। সভাৰ অন্তত সাংবাদিকেৰে বাৰ্তালাপ কৰি জয়ন্ত মল্ল বৰুৱাই চিকিৎসাকৰ্মীসকলৰ লগতে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে।

    লগতে লক ডাউন মানি চলিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ উপৰি জিলাখনত যাতে কোনেও খাদ্যৰ অসুবিধাত পৰিব লগা নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও ঘোষণা কৰে। এতিয়ালৈকে কভিড-১৯ৰ সামাজিক সংক্ৰমণ নোহোৱা বুলি কোৱাৰ লগতে আটাইকেইগৰাকী কৰ’ণা আক্ৰান্ত ৰোগী প্ৰাথমিক পৰ্যায়তে ধৰা পৰা বুলিও ব্যক্ত কৰে।

    একেদৰে এই সময়ত সকলোকে সংযম হ’বলৈ আহ্বান জনাই জয়ন্ত মল্ল বৰুৱাই কয় যে এই সময়ত কোনো লোকৰে ধৰ্মীয় অনুভূতিত আঘাট লগা কাৰ্যৰ পৰা বিৰত থকা উচিত। ইপিনে আজি পুনৰ ১৫ গৰাকী লোকক আইছলেচন কৰাৰ বাবে গুৱাহাটী সৰুসজাইলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও ঘোষণা কৰে।

    Photo Credit: Analdolu Agency

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং