21 C
Guwahati
Thursday, December 8, 2022
More

    গোলাঘাটৰ যুৱকৰ দেহত নোলাল কৰ’ণা ভাইৰাছ;মিজোৰামৰ কৰ’ণাত আক্ৰান্ত যুৱকৰ সৈতে কৰিছিল যাত্ৰা

    ৩ জনৰে ৰিপ'ৰ্ট নিগেটিভ ওলোৱাত গোলাঘাটৰ লগতে অসমৰ বাবেও এয়া এক সুখবৰ

    অসম তথা গোলাঘাটবাসীৰ বাবে সুখবৰ। মিজোৰামৰ কৰ’ণাত আক্ৰান্ত যুৱকৰ সৈতে একেলগে দিল্লীৰ পৰা অহা যুৱকৰ দেহত নোলাল কৰ’ণা ভাইৰাছ। ১৬ মাৰ্চত দিল্লীৰ পৰা ইণ্ডিগ’ বিমানেৰে একেলগে আহিছিল গোলাঘাটৰ দুই যুৱক। মিজোৰামৰ যুৱকজন গুৱাহাটী বিমান বন্দৰত নামি মিজোৰামলৈ যাত্ৰা কৰিছিল আৰু তাৰ পিছতেই মিজোৰামৰ যুৱকজনৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছ।

    যোৰহাট বিমান বন্দৰত নমা দুয়োজন যুৱকক এখন ব্যক্তিগত বাহনেৰে নিজ গৃহলৈ আহিছিল। আৰু ব্যক্তিগত বাহনখনৰ চালকসহ দুয়োজন যুৱকক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আইছলেশ্বন ৱাৰ্ডত ৰখা হৈছিল। আৰু ততাতয়াকৈ যোৰহাটৰ এটা বিশেষ দল আহি তিনিওজন যুৱকৰ তেজৰ নমুনা সংগ্ৰহ কৰি লৈ গৈছিল। আৰু আজি তিনিওজনৰে ৰিপ’ৰ্ট নিগেটিভ ওলায়।

    Photo: Time8

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং