25 C
Guwahati
Monday, March 20, 2023
More

    ডিব্ৰুগড়ত দুজন লোককলৈ কৰ’ণা আতংক

    দক্ষিণ ভাৰতৰ পৰা বিবেক এক্সপ্ৰেছ ৰে'লযোগে ডিব্ৰুগড় বাণীপুৰ ৰে'ল ষ্টেচনত দুজন যাত্ৰীৰ স্বাস্থ্যক লৈ সন্দেহ ওপজাৰ পিছতেই কৰ'ণাৰ আতংকই গ্ৰাস কৰে বাণীপুৰ ষ্টেচন

    কৰ’ণাৰ বিভীষিকা ডিব্ৰুগড়ত,বানীপুৰ ৰে’ল ষ্টেচনত কালি এজন লোকক কৰ’ণাত আক্ৰান্ত সন্দেহত চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ বিপৰীতে আজি পুনৰ দুজন লোককলৈ পুনৰ বানীপুৰ ৰে’ল ষ্টেচনত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। দক্ষিণ ভাৰতৰ পৰা বিবেক এক্সপ্ৰেছ ৰে’লযোগে ডিব্ৰুগড় বাণীপুৰ ৰে’ল ষ্টেচনত দুজন যাত্ৰীৰ স্বাস্থ্যক লৈ সন্দেহ ওপজাৰ পিছতেই কৰ’ণাৰ আতংকই গ্ৰাস কৰে বাণীপুৰ ষ্টেচন। তৎক্ষনাৎ চিকিৎসকৰ দলে নিৰীক্ষণ কৰিয়েই প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

    চিকিৎসকে দুয়োজনকে গভীৰ নিৰীক্ষণ কৰি কৰ’ণাৰ সন্দেহৰ কোনো তথ্য লাভ নকৰি উভতাই পঠায় নিজ গৃহলৈ। ইফালে কালি কৰ’ণাৰ সন্দেহত চিকিৎসকে নিৰীক্ষণত ৰখা ব্যক্তিজনৰ নমুনাসমূহ ICMR লৈ প্ৰেৰণ কৰে। আনহাতে গভীৰভাৱে সতৰ্কতা অৱলম্বনত ব্যস্ত ডিব্ৰুগড় জিলা প্ৰশাসন। উপায়ুক্তই মানা কৰিলে ঘৰৰ বাহিৰত ওলাবলৈ।

    জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আজি জিলাখনৰ সকলো ৰাইজক অত্যন্ত জৰুৰী নহলে ঘৰৰ বাহিৰত অনাহকত ঘুৰা ফুৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে। লগতে স্বাস্থ্য বিভাগৰ নডেল বিষয়া ডা: নৱজ্যোতি গগৈয়ে সমগ্ৰ তথ্য সংবাদমেলৰ জৰিয়তে কৰিলে অৱগত।তেওঁ জনায় বৰ্তমানলৈকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ নিৰীক্ষণত ৰখা হৈছে ৫৬ জনকৈ লোকক। তাৰ মাজতে দুজনকৈ আছে বিদেশী পৰ্যটকৰ লগতে ছৌদি আৰৱৰ পৰা অহা লোক।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং