27 C
Guwahati
Monday, November 29, 2021
More

    মৰিগাঁৱত কৰ’ণা ভাইৰাছৰ হোমিঅপেথী প্ৰতিষেধক প্ৰদান ডাঃ ৰঞ্জিত কুমাৰ নাথৰ

    চিকিৎসকগৰাকীয়ে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে আৰচেনিক এলব নামৰ ঔষধটি মৰিগাঁৱৰ জনসাধাৰণক কৰ'ণা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক হিছাপে সামান্য মূল্যৰ বিনিময়ত প্ৰদান কৰি আহিছে

    শেহতীয়াকৈ সমগ্ৰ চীনতে কৰ’ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰা সময়তে আগতীয়া প্ৰতিষেধকৰ বাবে মৰিগাঁৱৰ এইখন হোমিও ক্লিনিকলৈ সোঁত বৈছে মানুহৰ । এইগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথ ৷

    এই চিকিৎসকগৰাকীয়ে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে আৰচেনিক এলব নামৰ ঔষধটি মৰিগাঁৱৰ জনসাধাৰণক কৰ’ণা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক হিছাপে সামান্য মূল্যৰ বিনিময়ত প্ৰদান কৰি আহিছে ৷

    হোমিও চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ পৰা ইতিমধ্যে বহু লোকে কৰণা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক গ্ৰহণ কৰাৰ উপৰিও কেবাটিও স্বেচ্ছাসেৱী সংগঠনে চিকিৎসক গৰাকীৰ পৰা ঔষধ নি ৰাইজৰ মাজত বিতৰণ কৰি আহিছে বুলি জানিবলৈ দিয়ে ৷

    Photo Credit:@kuldipbordoloi

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং