31 C
Guwahati
Saturday, October 1, 2022
More

    লুডু খেলি থাকোতে মাৰিলে কাঁহ; কৰ’ণাৰ ভয়ত এজনে গুলীয়াই আহত কৰিলে বন্ধুক

    কৰ'ণাৰ এই কালৰূপী সময়ৰ মাজতে উত্তৰ প্ৰদেশৰ নয়দাত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা

    কৰ’ণা ভাইৰাছৰ আতংকত ভূগিছে সমগ্ৰ দেশ। এতিয়া মানুহে মানুহৰ ওচৰত সাধাৰণ হাঁচি বা কাঁহ এটা মাৰিবলৈ ভয় কৰে বা চিন্তা কৰে। কৰ’ণাৰ এই কালৰূপী সময়ৰ মাজতে উত্তৰ প্ৰদেশৰ নয়দাত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। ঘটনা অনুসৰি নয়ডাৰ দয়ানগৰ মন্দিৰৰ সমীপত প্ৰশান্ত আৰু জয়বীৰ নামৰ দুজন যুৱকে লুডু খেলি আছিল। লুডু খেলি থকা অৱস্থাত প্ৰশান্তই এটা কাঁহ মাৰে আৰু কাঁহ মৰা কথাটোত খঙত খৰ্গহস্ত হৈ পৰে জয়বীৰ।

    কঁহাক লৈ দুয়োৰে মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ। মোৰ গাত কৰ’ণা দিবি নেকি বুলি প্ৰশ্ন কৰি জয়বীৰে লগত লৈ ফুৰা এটা পিস্তলেৰে গুলীয়াই আহত কৰে প্ৰশান্তক। আহত প্ৰশান্তক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু তেওঁ এতিয়া সংকটমুক্ত বুলি জানিব পৰা গৈছে।

    প্ৰশান্তৰ এজাহাৰৰ ভিত্তিত জয়বীৰক আটক কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। কাঁহ মৰাটো কৰ’ণা ভাইৰাছ সংক্ৰমণৰ অন্যতম লক্ষণ হোৱাৰ বাবে ভীতিগ্ৰস্ত হৈয়ে এনে কাণ্ড কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে জয়বীৰে।

    Photo Credit: i.ytimg.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং