12.5 C
Guwahati
Saturday, January 29, 2022
More

    ভূটানত কৰ’ণা ভাইৰাছত ধৰা পৰা আমেৰিকাৰ নাগৰিকজনে কাজিৰঙাত কৰিছিল হাতী-জীপ ছাফাৰী

    শেহতীয়াকৈ কাজিৰঙা ভ্ৰমণ কৰি যোৱা আমেৰিকাৰ পৰ্যটনগৰাকী ভূটানত ক'ৰনা ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত হোৱাত কাজিৰঙাৰ পৰ্যটকৰ মাজত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে

    ভূটানত যিগৰাকী আমেৰিকাৰ পৰ্যটকৰ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ থকাৰ ধৰা পৰিছিল সেইজন পৰ্যটক ৭ দিন ধৰি অসমত আছিল। ভ্ৰমণ কৰিছিল কাজিৰঙাও। পুৱা প্ৰথমে হাতী ছাফাৰী তাৰ পিছত বৰগছ ৰিজৰ্টত ব্ৰেকফাষ্ট তাৰ পিছত বাগৰিত জীপ ছাফাৰী কৰিছিল পৰ্যটকগৰাকীয়ে৷

    ২৮ ফেব্ৰুৱাৰীত কাজিৰঙাত উপস্থিত হোৱা দলটোৱে পুৱা ৫.১৫ বজাত কাজিৰঙাৰ কহঁৰা বনাঞ্চলত হাতী ছাফাৰী কৰি ওলাই আহি বৰগছ হোটেলত পুৱাৰ আহাৰ গ্ৰহণ কৰি পুৱা ৭.৩০ বজাত কাজিৰঙাৰ বাগৰি বনাঞ্চলত ১৩৪ কেয়াৰ নম্বৰৰ জীপছিত ছাফাৰী কৰে৷

    শেহতীয়াকৈ কাজিৰঙা ভ্ৰমণ কৰি যোৱা আমেৰিকাৰ পৰ্যটনগৰাকী ভূটানত ক’ৰনা ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত হোৱাত কাজিৰঙাৰ পৰ্যটকৰ মাজত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

    উল্লেখ্য যে ২১ ফেব্ৰুৱাৰীত ভাৰতলৈ আহিছিল এই পৰ্যটকজন। ২ মাৰ্চত আমেৰিকাৰ নাগৰিকজন ভূটানলৈ গৈছিল। ভূটান যোৱাৰ পূৰ্বে ভ্ৰমণ কৰিছিল অসম। সম্পূৰ্ণ এসপ্তাহ ধৰি অসমত আছিল কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকজন। কাজিৰঙালৈও গৈছিল এই ৭৬ বছৰীয়া আমেৰিকাৰ লোকজনে। পত্নীসহ আহিছিল অসম ভ্ৰমণ কৰিবলৈ।

    Photo credit: businesstoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং