33 C
Guwahati
Friday, March 31, 2023
More

    ভাৰত পালেহি কৰ’ণা ভাইৰাছ! কি ইয়াৰ লক্ষণ আৰু কেনেকৈ অৱলম্বন কৰিব সাৱধানতা?

    দেশজুৰি হেলথ এলাৰ্ট জাৰি কৰিছে চৰকাৰে। এতিয়া কোনো লোককে ভাৰতৰ পৰা বাহিৰলৈ নোযোৱাৰ বাবে আহ্বান চৰকাৰৰ

    বিশ্বজুৰি কৰ’ণা ভাইৰাছে আতংক সৃষ্টি কৰাৰ সময়তে ভাৰতত ১৫ জনকৈ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে।চীনত কৰ’ণা ভাইৰাছে প্ৰাণ কাঢ়িলে ৩ হাজাৰতকৈও অধিক লোকৰ। নতুন দিল্লী, উত্তৰ প্ৰদেশ,হিমাচল প্ৰদেশৰ লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ বীজাণু। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ বৈঠকৰ আহ্বান কৰি দেশবাসীক আতংকিত নহ’বলৈ আহ্বান জনালে। দেশজুৰি হেলথ এলাৰ্ট জাৰি কৰিছে চৰকাৰে। এতিয়া কোনো লোককে ভাৰতৰ পৰা বাহিৰলৈ নোযোৱাৰ বাবে আহ্বান চৰকাৰৰ।

    কৰ’ণা ভাইৰাছৰ লক্ষণ

    জ্বৰ, কাঁহ, মূৰৰ বিষ, উশাহ লোৱাত কষ্ট, নাকেৰে পানী বৈ থকা, ডিঙি খিচখিচাই থকা, বিষোৱা আদি সমস্যা দেহত উপন্ন হয়। এতিয়ালৈকে এই ৰোগৰ কোনো প্ৰতিষেধক আৱিস্কাৰ হোৱা নাই। অলপ সাৱধানতা অৱলৱম্বন কৰিলেই ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি। উক্ত লক্ষণ দেহত দেখা দিলেই তৎক্ষণাৎ চিকিৎসকৰ কাষ চপাতো জৰুৰী।

    এই মহামাৰী ভাইৰাছবিধৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ বিভিন্ন স্বাস্থ্য সংস্থা সমূহে উপদেশ দিয়া কেতবোৰ নিৰ্দেশনা তথা নিয়ম সমূহ তলত উল্লেখ কৰা হ’ল-

    ১. জনসমাগমৰ পৰা আঁতৰত থকা।

    ২. মুখত মাস্ক ব্যৱহাৰ কৰা।

    .কাঁহ, পানী লগা, জ্বৰত আক্ৰান্ত লোকৰ পৰা ০.৫ ৰ পৰা ২ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে। তদুপৰি ৰুগীয়া ব্যক্তিজনে মাস্ক পিন্ধাতো জৰুৰী।

    ৪.বহু সময়ত কাঁহিলে বা হাঁচিয়ালে তাৰ বীজাণুবোৰ আশে-পাশে থকা বস্তুলৈ বিয়পিব পাৰে। মুখত হাত দি কাঁহিলে বা হাঁচি মাৰি মোবাইল, কম্পিউটাৰ মাউচ, কাপ বা অন্য তেনেধৰণৰ বস্তু চুলে বীজাণু বা ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। এই বস্তুবোৰ চুলে হাত দুখন ভালকৈ চাবুনেৰে নোধোৱাকৈ চকু বা নিজৰ শৰীৰ চুব নালাগে।

    ৫. এই ভাইৰাছবিধত আক্ৰান্ত ব্যক্তিয়ে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰে যেনে প্লেট, কাপ আদিত ৪৮ ঘণ্টালৈকে কৰ’ণা ভাইৰাছ জীৱিত হৈ থাকে। চাবোন বা অন্য তেনেধৰণৰ সামগ্ৰীৰে ধুইহে ভাইৰাছবিধ নোহোৱা কৰিব পাৰি।

    ৬.যদি কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকক চুবলগীয়া হ’লে বীজাণুনাশক দ্ৰব্য তথা চাবোনেৰে গোটেই শৰীৰটো ঘঁহি-পিহি ধুব লাগে।

    ৭.যদি কোনো লোক কৰ’ণাত আক্ৰান্ত হোৱা বুলি সন্দেহ ভাৱ আহিছে তেন্তে সেই ব্যক্তিজনে ব্যৱহাৰ কৰা টাৱেল, খাদ্য, বাচন-বৰ্তন ব্যৱহাৰ নকৰিব।

    ৮. এই ভাইৰাছবিধ নাক, কাণ আৰু চকুৰ জৰিয়তেও সম্প্ৰসাৰিত হয়। সেয়ে যিকোনো বেমাৰী ব্যক্তিক লগ কৰাৰ পিছত নিজৰ শৰীৰটোক হাত দুখন পৰিস্কাৰকৈ নোধোৱাকৈ স্পৰ্শ নকৰিব।

    ৯. বাহিৰৰ আহাৰ গ্ৰহণ কৰাটো বন্ধ কৰক, ঘৰতে চাফ-চিকুণকৈ ৰন্ধা খাদ্য গ্ৰহণ কৰক।

    ১০. বনৰীয়া জীৱ-জন্তুৰ পৰা দূৰত থাকক আৰু পৰাপক্ষত কণী আৰু মাংস খোৱাৰ পৰা বিৰত থাকক।

    Photo Credit: Livemint

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং