19 C
Guwahati
Tuesday, December 7, 2021
More

    কৰ’ণা ভাইৰাছকলৈ এতিয়াও সতৰ্ক নোহাৱাসকলৰ বাবে কাকডোঙাত বিশেষ পদক্ষেপ

    কাকডোঙাৰ ভিতৰুৱা অঞ্চলসমূহৰ ৰাইজক সজাগ কৰিবলৈ অনুষ্ঠানটোৱে লোৱা এই পদক্ষেপলৈ ৰাইজে সহাৰি জনাইছে

    কৰ’ণা ভাইৰাছক যেন এতিয়াও গুৰুত্ব সহকাৰে লোৱা নাই অনেক লোকে। এতিয়াও এই মাৰাত্মক ভয়াৱহতাৰ সম্পৰ্কে বুজি উঠা নাই একাংশই। এনে লোকক সজাগ কৰাৰ উদ্দেশ্য আৰু কৰ’ণা ভাইৰাছ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিবলৈ কাকডোঙাৰ স্বেচ্ছাসেৱী অনুষ্ঠান সুপ্ৰভ কাকডাঙে কাকডোঙাৰ বিভিন্ন অঞ্চলত কালিৰ পৰা প্ৰদৰ্শন কৰিছে বাটৰ নাট।

    কাকডোঙাৰ ভিতৰুৱা অঞ্চলসমূহৰ ৰাইজক সজাগ কৰিবলৈ অনুষ্ঠানটোৱে লোৱা এই পদক্ষেপলৈ ৰাইজে সহাৰি জনাইছে।কাকডোঙাৰ চোমনি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু বিভিন্ন বিদ্যালয়েও অনুষ্ঠানটোৰ লগত সহযোগিতা আগবঢ়াইছে।

    ইতিমধ্যে কাকডোঙাৰ হোকোৰাখাট, কচুগাঁও, কুমাৰগাঁও,ডুবিয়াল চাৰিআলি, লেটেকুজান চাৰিআলি, পহুচোৱা আদি ঠাইৰ উপৰিও হাতীয়েখোৱা আৰু মহিমা বাগানতো এই সজাগতা কাৰ্যসূচী হাতত লৈছে। আগন্তুক দিনতো তেওঁলোকে ৰাইজক এনেকৈ সজাগ কৰি যাব বুলি জনাইছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং