15 C
Guwahati
Saturday, January 15, 2022
More

    জ্বৰত আক্ৰান্ত ৰাজস্থানৰ পৰা অহা এজন লোক,চিকিৎসকৰ দল অহাৰ উমান পাই ঘৰৰ পৰা পলায়ন

    বৈঠালাংছʼৰ ৰজাগাঁৱত এতিয়া বিৰাজ কৰিছে কৰ'ণা আতংক

    বৈঠালাংছʼৰ ৰজাগাঁৱত বহিঃৰাজ্যৰ পৰা ৰজাগাঁৱলৈ অহা এজন ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ সন্দেহত ভীতিগ্ৰস্ত হৈ পৰিছে অঞ্চলবাসী। ৰাজস্থানৰ পৰা অহা ৰজাগাঁও কলনীৰ নিখিল বিশ্বাস নামৰ লোকজন চৰ্দি,কাহ,জ্বৰত আক্ৰান্ত হৈ বুধবাৰে নিজগৃহত উপস্থিত হয়।

    লোকজন ৰজাগাঁৱত উপস্থিত হোৱাৰ পিছত আতংকিত হৈ পৰে অঞ্চলবাসী। অঞ্চলৰ ৰাইজে পিছত ১০৮ এম্বুলেন্সক জনোৱাত চিকিৎসকৰ বিশেষ দল ৰজাগাঁৱত উপস্থিত হয়। কিন্তু চিকিৎসকৰ দল অহাৰ উমান পাই লোকজন ঘৰৰ পৰাই পলায়ন কৰে।

    Input: Jyoti Prasad Hazarika

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং