30 C
Guwahati
Wednesday, October 27, 2021
More

    কৰ’ণা ভাইৰাছৰ আতংক: জনসমাৱেশ নকৰিবলৈ চৰকাৰৰ পৰামৰ্শ

    ভূটানতো ধৰা পৰিছে প্ৰথমজন আক্ৰান্ত, গুৱাহাটীৰ পৰা গৈছিল লোকজন

    কৰ’ণা ভাইৰাছৰ আতংকই চানি ধৰিছে সমগ্ৰ বিশ্ব। চীনত নৰসংহাৰ চলোৱা এই ভাইৰাছৰ উপস্থিতি এতিয়া সমগ্ৰ বিশ্বতে।
    ভাৰতবৰ্ষতো বৰ্তমানলৈ মুঠ ৩০ জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ নিশ্চিত।

    প্ৰতিদিনেই এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ থকাত দেশৰ সকলো লোককে সজাগ থাকিবলৈ আহ্বান প্ৰশাসন তথা চৰকাৰৰ। জনসমাৱেশ নকৰিবলৈ চৰকাৰৰ পৰামৰ্শ। প্ৰতিতো মুহুৰ্ততে মাস্ক পৰিধানৰো পৰামৰ্শ আগহবঢ়াইছে প্ৰশাসনে।

    ভাৰতৰ পিছতে এতিয়া চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো ধৰা পৰিছে দেশ খনৰ প্ৰথমটো এই ভাইৰাছত আক্ৰান্তৰ খবৰ। তেজ পৰীক্ষাৰ অন্তত নিশ্চিত হয় কৰ’ণা ভাইৰাছত আক্ৰান্তৰ খবৰ।

    কৰ’ণাত আক্ৰান্ত লোকজন আমেৰিকান পৰ্যটক বুলি জানিব পৰা গৈছে। পিছে সকলোতকৈ উল্লখনীয় কথা যে, কৰ’ণাত আক্ৰান্ত হোৱা পৰ্যটকজন গুৱাহাটী বিমানবন্দৰৰ পৰাই ভূটানলৈ গৈছিল। গুৱাহাটী বিমানবন্দৰত স্বাস্থ্য পৰীক্ষাও কৰা হৈছিল লোকজনৰ।

    ২ মাৰ্চত গুৱাহাটীৰ পৰা ভূটানলৈ ৰাওনা হৈছিল লোকজন। কোৰোণাত আক্ৰান্ত আমেৰিকান পৰ্যটকজনৰ বয়স ৭৯ বছৰ বুলি জানিব পৰা গৈছে। ১৮ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আমেৰিকান পৰ্যটকজনে।

    Photo Credit: Business line And Health ministry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং