28 C
Guwahati
Saturday, March 25, 2023
More

    কৰ’ণা আতংক: হোলীত জনসমাৱেশ কৰাৰ পৰা বিৰত থাকিবলৈ সংবাদমেলত অনুৰোধ মন্ত্ৰী পীযুষ হাজৰিকাৰ

    আতংকিত হব নালাগে এই ভাইৰাছৰ মৃত্যুৰ হাৰ ৩% হে, এই ভাইৰাছ হোৱা মানেই মৃত্যু নহয়

    কৰ’ণা ভাইৰাছৰ আতংকৰ ওপৰত সজাগতা আনিবলৈ অনুৰোধ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল। হোলীতো জনসমাৱেশ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ মন্ত্ৰীগৰাকীৰ। পৰা পক্ষত হোলী খেলাৰ পৰাই বিৰত থাকিবলৈ অহ্বান। কিন্তু আতংক বিয়পোৱাৰ পৰা আতৰত থাকি সজাগতা বৃদ্ধিৰ বাবেহে সকলোকে অনুৰোধ পীযুষ হাজৰিকাৰ।

    সমগ্ৰ বিশ্বতে কৰ’ণাই বিভিষিকাৰ সৃষ্টি কৰিছে। অসম চৰকাৰে প্ৰায় ডেৰ মাহত বহু ব্যৱস্থা লৈছে। কালিলৈ পৃথিৱীত প্ৰায় ১ লাখ মানুহ আক্ৰান্ত হৈছে। পিছে ভগবানৰ দয়াত ভাৰতবৰ্ষত ৩১জন আক্ৰান্ত হলেও এতিয়ালৈ এজনৰো মৃত্যু হোৱা নাই। অহৰহ চিকিৎসা চলাই থকা হৈছে প্ৰতিজনৰে।

    অসমত এজনো ৰোগী এতিয়ালৈ চিনাক্ত হোৱা নাই। ইয়াৰ বাবে সকলোতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ আৰু প্ৰশাসনে। ৰাজ্যৰ বিমান বন্দৰসমূহত বৰ্তমানলৈ ৫৮৫ জনক পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰৰ ১১২জন ভাৰতৰ বাহিৰৰ পৰা অহা লোক।

    এই ১১২জন(অধিকাংশ ভাৰতীয়)ক চাৰ্ভিলেঞ্চত ৰখা হৈছে। বৰ্তমানে GMCHত পৰীক্ষা চলি আছে আটাইকেইজনৰ। কাইলৈৰ পৰা ডিব্ৰুগড়তো আৰম্ভ কৰা হ’ব GMCHৰ দৰে পৰীক্ষা-নিৰিক্ষা। সেয়ে আতংকৰ পৰিৱেশ বিয়পাব নালাগে। সজাগতা বৃদ্ধি কৰা হে প্ৰকৃত কাম।

    সজাগতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যো, চেনিটাইজাৰ নহলেও কোনো কথা নাই। চাবোনেৰে হাত ধুলেও একেই কাম। N95 মাস্ক নহলেও কথা নাই, সাধাৰণ মাস্ক হ’লেও হ’ব সুৰক্ষাৰ ক্ষেত্ৰত। আনহাতে ভূটানত এই কৰ’ণা ভাইৰাছত ধৰা পৰা ব্যক্তিগৰাকী
    ভূটান গৈ ৩ দিন থকাৰ পিছতহে ধৰা পৰিল। গতিকে আমাৰ কোনো গাফিলতি নাই। আমাৰ ইয়াত আহোতে আৰু ইয়াৰ পৰা যাওতে তেওঁৰ স্বাস্থ্য পৰীক্ষাত এই ভাইৰাছৰ উপস্থিতি পোৱা নাই।

    অসমৰ যি যি ঠাইত আমেৰিকান পৰ্যটকগৰাকী গৈছিল সকলোতে বিশেষ ব্যৱস্থা লোৱা হৈছে। সম্পূৰ্ণ সজাগ হৈ থকা গৈছে সকলো। অৱশ্য ৰে’ল ষ্টেচনত এতিয়ালৈ ব্যৱস্থা লোৱা হোৱা নাই। তাত তেনে ব্যৱস্থা ল’লে মানুহৰ মাজত হাহাকাৰ লাগিব, আতংক হ’ব। কাজিৰঙাতো বিশেষ সুৰক্ষা ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে কাজিৰঙা ফেষ্টিভেল পিছুৱাই দিবলৈ অনুৰোধ কৰা হৈছে সমিটিক।

    লগতে ফাকুৱাৰ আবিৰৰ ক্ষেত্ৰতো কয় মন্ত্ৰী পীযুষে, চীনৰ পৰা সামগ্ৰী ভাৰতলৈও আহে, ভাৰতৰ পৰাও যায়। ইয়াত কোনো অসুবিধা হোৱা নাই। অৱশ্যে যদি চীনৰ পৰা ৰং আহে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল’ব।

    শেযত সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কয় যে, সমগ্ৰ অসমত ৫৬ আইচ’লেচন বেড সাজু কৰা হৈছে। কেৱল চৰকাৰীয়ে নহয়, ব্যক্তিগত চিকিৎসালয়সমূহতো ব্যৱস্থা কৰা হৈছে। সেয়ে আতংকিত হব নালাগে, এই ভাইৰাছৰ মৃত্যুৰ হাৰ ৩% হে। এই ভাইৰাছ হোৱা মানেই মৃত্যু নহয়।

    Photo Credit: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং