18 C
Guwahati
Wednesday, November 23, 2022
More

    কৰ’ণা মহামাৰী: দেশত প্ৰথমবাৰৰ বাবে ২৪ ঘন্টাত ২৯,০০০ তকৈ অধিক লোক আক্ৰান্ত

    দেশত তীব্ৰ হাৰত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা।

    দৈনিক বহু হাজাৰ হাজাৰ লোক‌ আক্ৰান্ত হৈছে এই মহামাৰীত ।

    কৰ’ণা মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে প্ৰতিদিনে ।

    বিগত ২৪ ঘন্টাত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত অধিক লোক আক্ৰান্ত হয় এই মহামাৰীত ।‌


    বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা ৰিপোৰ্ট অনুসৰি বিগত ২৪ ঘন্টাত দেশত ২৯,৪২৯ জন‌লোক আক্ৰান্ত হয় এই মহামাৰীত লগতে মৃত্যু মুখত পৰে ৫৮২ জন লোক ।

    ইয়াৰ ফলত দেশত কৰ’ণা আক্ৰান্তৰ মুঠ সংখ্যা হয়গৈ ৯,৩৬,১৮১ আৰু মৃতকৰ সংখ্যা ২৪,৩০৯ জন ।


    তথ্য অনুসৰি জানিব পৰা মতে এতিয়ালৈকে দেশত ৬৩.২৪% লোক এই মহামাৰীৰ পৰা সুস্থ হৈ উঠিছে।

    স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সময়ত থকা ৯.৩৬ লাখ লোকৰ ভিতৰত ৫.৯২ লাখ লোক সুস্থ হৈ উঠিছে।

    ‌ সাম্প্ৰতিক সময়ত দেশত ৩.১৯ লাখ লোকৰ দেহত সক্ৰিয় হৈ আছে কৰ’ণা মহামাৰী।‌
    ইয়াৰ ভিতৰত সকলোতকৈ বেছি সক্ৰিয় ঘটনা আছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত এক লাখতকৈ অধিক লোকৰ দেহত এতিয়াও আছে কৰ’ণাৰ অৱস্থিতি।
    তাৰ পিছতেই ক্ৰমানুসাৰে তামিলনাডু, দিল্লী, গুজৰাট, আৰু পশ্চিম বংগত সৰ্বাধিক কৰ’ণা আক্ৰান্ত ব্যক্তি আছে । এই পাঁচ খন ৰাজ্যত দেশৰ সৰ্বাধিক সক্ৰিয় কৰ’ণা ৰোগী আছে । সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত ভাৰতবৰ্ষ চতুৰ্থ স্থানত আছে।

    ইয়াৰ লগে লগে অসমতো দৈনিক শতাধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত। বৰ্তমান ৰাজ্যত কৰ’ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৮,৬৬৬ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে সুস্থ হৈ উঠিছে ১২,১৭৩ জন লোক। আনহাতে চিকিৎসাধীন হৈ আছে ৬,৪৪৪ জন ৰোগী।

    photo credit: time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং