25 C
Guwahati
Thursday, October 6, 2022
More

    কৰ’ণাতংক: নলবাৰী কৰাগাৰৰ পৰা ৰেহাই ৫২ গৰাকী

    নলবাৰী জিলা কাৰাগাৰ কতৃপক্ষই গাড়ীৰে নিজ গৃহত থৈ আহে প্ৰতিজনকে

    সকলোতে কৰ’ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ আতংক। এই ভাইৰাছ যাতে সংক্ৰমণ নহয় তাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ। সিদ্ধান্ত অনুসৰিয়েই নলবাৰী জিলা কাৰাগাৰ কৰ্তৃপক্ষই ৰেহাই দিলে মুঠ ৫২ গৰাকীকৈ লোকক।

    এই কৰোণাৰ আতংকত আতংকিত হৈ ৰাজ্যৰ কাৰাগাৰ বিভাগে লৈছে এক অদ্ভুত পদক্ষেপ। ৰাজ্য চৰকাৰৰ নিৰ্দেশতে কাৰাগাৰ মহাপৰিদৰ্শকৰ নিৰ্দেশত নলবাৰী জিলা কাৰাগাৰ কতৃপক্ষই আজিলৈকে ৫২ গৰাকী হাজুতিক মুকলি কৰি দিয়ে।

    ইয়াৰে নলবাৰীৰ ১০ গৰাকী , বাগছাৰ ২০ গৰাকী আৰু ৰঙিয়াৰ ১৯ গৰাকী হাজুতিক মুকলি কৰি দিয়ে। আনকি দেশজুৰি চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত হাজুতি সকল ব্যক্তিগত জামিনত যাবলৈ দিয়া হয় যদিও যান বাহন চলাচল নথকা হেতুকে আটাইকেইজনকে কাৰাগাৰ কতৃপক্ষই নিজ নিজ গৃহত থৈ অহাৰো ব্যৱস্থা কৰে।

    লক্ষণীয়ভাবে লক ডাউনৰ ফলত দেশত চলি থকা আৰ্থিক মন্দাবস্তা আৰু কাৰাগাৰ সমুহত অধিক পৰিমানৰ কয়েদী ৰাখিব লগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কাৰাগাৰ বিভাগে এনে সিদ্ধান্ত লবলগীয়া হোৱা বুলি সদৰি কৰিছে নলবাৰী জিলা কাৰাগাৰৰ জেইলৰ ধৰ্মেশ্বৰ কলিতাই।

    Photo Credit: @hirakdeka

    Published:

    9 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং