20.5 C
Guwahati
Wednesday, October 27, 2021
More

    কৰ’ণা ভাইৰাছত আক্ৰান্ত একেটা পৰিয়ালৰে ৫জন

    বৰ্তমানে কৰ'ণা ভইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে গৈ ৩৯

    কৰ’ণা ভইৰাছত আক্ৰান্তৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে বিশ্বত। ভাৰততো প্ৰতিদিনেই বাঢ়ি গৈছে এই সংখ্যা। বৰ্তমানে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে গৈ ৩৯।

    কালিলৈ এই সংখ্যা আছিল ৩৪টা, পিছে আজি তেজ পৰীক্ষাৰ ৰিপৰ্ট অনুসৰি কেৰালাৰ এটা পৰিলায়ৰে ৫ জন লোক এই ভাইৰাছত আক্ৰান্ত বুলি জানিব পৰা যায়। এই নতুনকৈ আক্ৰান্ত হোৱাৰ বিষয়ে জানিবলৈ দিয়ে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই।

    বৰ্তমানে ভাইৰাছত আক্ৰান্ত হোৱা পৰিয়ালটোক আইচ’লেছন ৱাৰ্ডত চিকিৎসকৰ বিশেষ নিৰিক্ষণত ৰখা হৈছে। পৰিয়ালটোৰ ৩ জন সদস্য কিছুদিন পূৰ্বেই ইটালিৰ পৰা আহিছিল। বীজানু লৈ আহিছিল লোক তিনিজনে আৰু পৰিলায়ৰ বাকি দুজন লোকৰ দেহলৈয়ো এই ভাইৰাছ বিধ সংক্ৰমিত হয়।

    কৰ’ণা ভাইৰাছত আক্ৰন্ত হোৱা কেৰেলাৰ পৰিয়ালটো পাথনামথিত্তা জিলাৰ বুলি জানিব পৰা গৈছে।

    Photo Credit: khaleej time

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং