31 C
Guwahati
Tuesday, October 4, 2022
More

    কৰ’ণা ভাইৰাছ আতংক: চিকিমৰ পিছতে অৰুণাচলতো বিদেশীৰ প্ৰৱেশ নিষিদ্ধ

    ৰাজ্যখনৰ চৰকাৰে সকলো বহিৰাগত লোকৰ বাবে ইনাৰ লাইন পাৰ্মিট অগ্ৰাহ্য কৰিছে

    কৰ’ণা ভাইৰাছৰ আতংকই ছানি ধৰিছে সমগ্ৰ বিশ্ব। বহু ঠাইত এতিয়া বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ। কিছুদিন পূৰ্বে চিকিম চৰকাৰে ৰাজ্য খনত বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশতো নিষিদ্ধ বিদেশী লোকৰ প্ৰৱেশ। অসমৰ চুবুৰিয়া ৰাজ্যখনৰ চৰকাৰে সকলো বহিৰাগত লোকৰ বাবে ইনাৰ লাইন পাৰ্মিট অগ্ৰাহ্য কৰিছে।

    ৰাজ্যখনত প্ৰটেক্ট এৰিয়া পাৰ্মিট (PAPs) জাৰি নকৰিবলৈ সাময়িক ভাৱে প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে অৰুণাচল প্ৰসাশনে। ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস দিনটোতেই এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰখনে।

    ৰাজ্যখনৰ মুখ্য সচিব নৰেশ কুমাৰে পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত প্ৰটেক্ট এৰিয়া পাৰ্মিটৰ অনুমতি প্ৰদানৰ বিষয়টো স্থগিত ৰখাৰ কাৰণে পি এ পিৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

    Photo Credit: livemint

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং