16 C
Guwahati
Thursday, December 8, 2022
More

    হিমাচল প্ৰদেশতো লকডাউনৰ ঘোষণা, আক্ৰান্তৰ সংখ্যা ৪২৮লৈ বৃদ্ধি

    কৰ'ণা ভাইৰাছৰ লক্ষণ সাধাৰণতে হোৱা জ্বৰৰ দৰেই। কাঁহ, জ্বৰ আৰু উশাহ লোৱাত কষ্ট পোৱাই এই ভাইৰাছৰ সাধাৰণ লক্ষণ

    সমগ্ৰ দেশত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৪২৮লৈ বৃদ্ধি। কৰ’ণাত সংক্ৰমিত হৈ বৰ্তমানলৈ ৮জন লোকে প্ৰাণ হেৰুৱাইছে। ২৪ ঘণ্টাৰ ভিতৰত ৫০তকৈ অধিক নতুন ঘটনা পোহৰলৈ আহিছে আৰু ৩জনৰ মৃত্যু হৈছে।

    কৰ’ণা ভাইৰাছৰ বাবে দিল্লী, ৰাজস্থান, বিহাৰ, পঞ্জাৱ, উত্তৰাখণ্ড, ছত্তীশগড়, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত ৩১ মাৰ্চলৈ লকডাউনৰ ঘোষণা। ইয়াৰোপৰি উত্তৰ প্ৰদেশৰ ১৬খন জিলাকো ২৫ মাৰ্চলৈ লকডাউন কৰা হ’ব।

    কৰ’ণা ভাইৰাছৰ লক্ষণ সাধাৰণতে হোৱা জ্বৰৰ দৰেই। কাঁহ, জ্বৰ আৰু উশাহ লোৱাত কষ্ট পোৱাই এই ভাইৰাছৰ সাধাৰণ লক্ষণ। পিলিভিটত ৪৫ বছৰীয়া এগৰাকী মহিলাৰ দেহত কৰ’ণা পজিটিভ পোৱা গৈছে। কিছুদিন পূৰ্বে মহিলাগৰাকী মক্কাৰ পৰা আহিছিল। ৰিপ’ৰ্ট অহাৰ পিছত মহিলাগৰাকীক আইছ’লেচন ৱাৰ্ডত ৰখা হৈছে।

    Photo credit: maharashtratimes.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং