27 C
Guwahati
Wednesday, June 29, 2022
More

    কৰ’ণাৰ পৰা সুস্থ হৈ ৰোগীয়ে পালে ৮ কোটি টকাৰ বিল, বিল দেখি কলে জীয়াৰ থকাৰ বাবে দুখিত

    যেতিয়া তেওঁ সুস্থ হৈ ঘৰলৈ যোৱাৰ সময় আহিল তেতিয়া তেওঁৰ হাতত হাস্পতাসলৰ ফালৰ পৰা দিয়া হ'ল ১১ লাখ ডলাৰৰ বিল, যি ভাৰতীয় হিচাপত ৮.১৪ কোটি টকা

    কৰ’ণাৰ পৰা বাছি থাকিবলৈ মানুহে যিমানে পাৰিছে সুৰক্ষাৰ প্ৰতি মন দিছে। এই মহামাৰী ভাইৰাছ নিজৰ দেহলৈ যাতে বিয়পি নপৰে তাৰ বাবে বহু চেষ্টা অব্যাহত ৰাখিছে।

    তাৰ পিছতো যদি কৰ’ণাই পাইছে, তেন্তে তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যৎপৰনাস্তি চেষ্টা কৰিছে।

    মুঠৰ ওপৰত কোনো কৰ’ণা হৈ মৰিব নিবিচাৰে।

    পিছ তাৰ পিছতো এনে এজন ব্যক্তি যিয়ে নিডৰ সুস্থ হৈ উঠাৰ বাবে বহুত দুখিত।

    এতিয়া লোক জনে জীয়াই থকাৰ বাবে পস্তাইছে বুলি কবলৈ বাধ্য হৈছে।

    কিয়নো কৰ’ণাৰ পৰা ৰক্ষা পৰা লোক জনৰ হাস্তপাতলৰ খৰচৰ নামত বিল উঠিছে ৮কোটি টকাৰো অধিক।

    এই আজব ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ছিয়েট্টল চিটিত।

    এজন ৭০ বৰ্ষীয় লোক কৰ’ণা ৰোগ হোৱা বাবে চিকিৎসাৰ বাবে ৬২ দিন ধৰি আছিল হাস্পতালত।

    যেতিয়া তেওঁ সুস্থ হৈ ঘৰলৈ যোৱাৰ সময় আহিল তেতিয়া তেওঁৰ হাতত হাস্পতাসলৰ ফালৰ পৰা দিয়া হ’ল ১১ লাখ ডলাৰৰ বিল, যি ভাৰতীয় হিচাপত ৮.১৪ কোটি টকা।

    এই বিল দেখিয়ে ৰোগী মাইকেল ফ্লোৰ-এ ধেমালিৰ সুৰেৰে কয় যে, জীয়াই থকাৰ বাবে গোটেই জীৱনৰ বাবে দুখ থাকি যাব।

    বিল দেখি দ্বিতীয় বাৰৰ বাবে হাৰ্ট এটেক আহো আহো অৱস্থা।

    কৰ’ণা ধৰা পৰা পিছতে মাইকেলক ৪ মাৰ্চ তাৰিখে হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

    আৰু তেতিয়াৰ পৰাই ৰিলিজ হোৱা দিনটোলৈ মুঠ ১৮১ পৃষ্ঠাৰ বিল হাতত তুলি দিছিল হাস্পতাল কৰ্তৃপক্ষই।

    বিল অনুসৰি আই চি ইউৰ প্ৰতিদিনৰ খৰচ ৯৭৩৬ ডলাৰ, ( প্ৰায় ৭ লাখ টকা), ২৯ দিনলৈ ভেণ্টিলেটৰৰ খৰচ ৮২,২১৫ ডলাৰ (৬২ লাখ)।

    সংক্ৰমণৰ ফলত প্ৰভাৱিত হোৱা হাৰ্ট, কিডনী আৰু হাওঁফাওঁৰ চিকিৎসাৰ বাবে খৰচ হৈছিল ১লাখ ডলাৰ, ভাৰতীয় বিচাপত ৭৬.৯৫ লাখ টকা।

    Input: Jyotirupa Kalita

    Photo Credit: India Tv

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং