29 C
Guwahati
Monday, October 25, 2021
More

    লকডাউনঃ ভাৰতৰ অৰ্থনীতিত প্ৰায় ৮ লাখ কোটি টকাৰ ক্ষতি

    দেশত কৰ'ণাৰ সৈতে যুঁজ দিবলৈ লকডাউনৰ প্ৰথমটো পৰ্যায় আজি অৰ্থাৎ ১৪ এপ্ৰিলত সমাপ্ত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ সময়সীমা ৩ মে'লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

    দেশত কৰ’ণাৰ সৈতে যুঁজ দিবলৈ লকডাউনৰ প্ৰথমটো পৰ্যায় আজি অৰ্থাৎ ১৪ এপ্ৰিলত সমাপ্ত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ সময়সীমা ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু এই লকডাউন ভাৰতৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে। প্ৰথম পৰ্যায়ৰ লকডাউনৰ ফলত অৰ্থনীতিত ইতিমধ্যে প্ৰায় ৮ লাখ কোটি টকাৰ লোকচান হৈছে।

    উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’ণা ভাইৰাছ ৰুধিবলৈ দেশজুৰি ২৪ মাৰ্চত ২১ দিনীয়া লকডাউৰ ঘোষণা কৰিছিল আৰু ২৫ মাৰ্চৰ পৰা বলবৎ হৈছিল লকডাউন। এই প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়সীমা আজি সমাপ্ত হ’ব। আশা কৰা হৈছিল যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ সপ্তাহৰ বাবে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ঘোষণা কৰাৰ সম্ভাৱনা আছিল। বিশ্বৰ ভিতৰত আটাইতকৈ দীঘলীয়া লকডাউনে ভাৰতীয় অৰ্থনীতিত ৭-৮ লাখ টকাৰ লোকচান হোৱাৰ সম্ভাৱনা।

    এই লকডাউনৰ সময়ছোৱাত প্ৰায়ভাগ কোম্পানী, উদ্যোগ বন্ধ হৈ থাকে, বিমান সেৱা বাতিল আৰু ৰে’ল সেৱাও বাতিল কৰা হৈছে। লগতে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰদান কৰা হ’ল। এই লকডাউনৰ ফলত ভাৰতৰ ৭০ শতাংশ আৰ্থিক ব্যৱস্থা স্তব্ধ হৈ পৰে।

    Photo credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং