25 C
Guwahati
Thursday, October 6, 2022
More

    কৰ’ণা যুঁজ; ৫০লাখ মাস্ক প্ৰস্তুত কৰিব অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডে

    ছিংগল লেয়াৰ মাস্কৰ মূল্য ২৫ টকা আৰু ডাব'ল লেয়াৰ মাস্কৰ মূল্য ৩৫ টকা

    কৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয়৷ সেয়ে ফেচ মাস্কৰ প্ৰয়োজনীয়তা পূৰনৰ বাবে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডে উৎপাদন কৰিব ৫০ লাখ মাস্ক৷ ইয়াৰ বাবে ইতিমধ্যে ৫ লাখ মাস্ক উৎপাদন কৰা হৈছে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগকো অৰ্পন কৰা হৈছে এই মাস্ক৷ এই কথা জনালে অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ কমলা কলিতাই৷

    অসম খাদী বৰ্ডৰ কায্যালয়ত অধ্যক্ষ কমলা কলিতাই এক সংবাদমেলৰ আয়োজন এই বিষয়ে জনাই উপস্থিত সাংবাদিক সকলৰ আগত। কৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক ধন্যবাদ জনাই অধ্যক্ষগৰাকীয়ে।

    আনহাতে তৈয়াৰ কৰা মাস্ক সন্দৰ্ভত অধ্যক্ষ কমলা কলিতাই জনাই যে, এই মাস্ক সমূহ শুদ্ধ কপাহী সূতাৰে তৈয়াৰী। এই প্ৰস্তুত কৰা মাস্ক চৰকাৰক প্ৰদান কৰা হৈছে। বেংক অথবা অন্যান্য কায্যালয় লৈয়ো প্ৰেৰণ কৰা হৈছে এই কপাহী মাস্ক। আনহাতে ষ্টেট বেংকে নিজাববীয়াকৈ ২০ হাজাৰ মাস্ক ক্ৰয় কৰাৰ কথাও সদৰি কৰি সংবাদমেল যোগে।

    এই সকলো মাস্ক ইক’ ফ্রেণ্ডলী। আনহাতে এই কৰ’ণা যুঁজত কেৱল মাস্ক তৈয়াৰ কৰিয়ে নহয় খাদী বৰ্ডৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা চৰকাৰক দি থিয় হৈছে কৰ’ণাৰ যুঁজত। এই দৰমহা একগোট কৰি কালি ৫ লাখ টকা মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ প্ৰদান কৰা হৈছে।

    স্বাস্থ্য বিভাগকো দুই হাজাৰ বিনামূলীয়া মাস্ক যোগান ধৰাৰ কথা সদৰি কৰে কমলা কলিতাই। এই মাস্কৰ ফলত বোৱনী শিপিনী সকল উপকৃত হৈছে। এই ইক’ ফ্রেণ্ডলী মাস্ক সমূহৰ মূল্য এনেধৰণৰ, ছিংগল লেয়াৰ মাস্কৰ মূল্য ২৫ টকা আৰু ডাব’ল লেয়াৰ মাস্কৰ মূল্য ৩৫ টকা।

    লক ডাউনৰ পিছতো মাস্ক প্ৰস্তুত কৰা প্ৰক্ৰিয়া অব্যাহত থাকিব। স্কুল-কলেজলৈ বিনামূলীয়া মাস্ক দিয়াৰ সম্ভাৱনা আছে বৰ্ডৰ। এই মাস্ক বনোৱাত ডেৰ হাজাৰ লোক জড়িত হৈ আছে। উল্লেখ্য যে, এই লকডাউনৰ সময়ত বহু লক্ষাধিক টকাৰ লোকচান হৈছে খাদী বৰ্ডৰ।

    Photo Credit: @mrigankamohandutta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং