25 C
Guwahati
Thursday, October 21, 2021
More

    কৰ’ণাৰ প্ৰভাৱঃ মিজোৰামত বহিৰাগতৰ প্ৰৱেশ বন্ধ

    লগতে শিলচৰ আৰু আন ঠাইত থকা মিজোৰাম চৰকাৰৰ ইনাৰ লাইন পাৰমিট প্ৰদান সাময়িক সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছে

    কৰ’ণা ভাইৰাছৰ বাবে মিজোৰামত সকলো বহিৰাগত লোকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে। মিজোৰাম যোৱাৰ অসম মিজোৰাম সীমান্তৰ প্ৰৱেশদ্বাৰ ভাইৰেন্টিত থকা মিজোৰাম চৰকাৰৰ পাৰপত্ৰ পৰীক্ষা কেন্দ্ৰৰ লগতে সকলো চৰকাৰী বিভাগৰ চেক্ গেটবোৰ বন্ধ কৰি দিয়া হৈছে। লগতে শিলচৰ আৰু আন ঠাইত থকা মিজোৰাম চৰকাৰৰ ইনাৰ লাইন পাৰমিট প্ৰদান সাময়িক সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছে।

    জনসাধাৰণৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে যদিও সামগ্ৰী কাঢ়ি লৈ অহা বাহিৰৰ ট্ৰাক আৰু আন যান-বাহন মিজোৰামলৈ যাবলৈ দিয়া হোৱা নায়। যান-বাহনৰ চালক সহকাৰী আৰু আন লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় সকলো স্বাস্থ্য পৰীক্ষা ভাইৰেণ্টি প্ৰৱেশদ্বাৰত যান-বাহন থিয় কৰি চাবলগীয়া হয়।

    ইয়াৰ ফলত মিজোৰাম সীমান্তৰ ভাইৰেণ্টি লায়লাপুৰত কেইবা কিলোমিটাৰ পথত থিয় হৈ থকা শত শত যান-বাহনৰ দীঘলীয়া। কলাশিব জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত লিয়ানসাংজুয়ালা, জিলা মুখ্য স্বাস্থ্য আধিকাৰীক লালহিলিমপুইয়া আৰু আন বিষয়াসকল সেই স্থানত উপস্থিত হয়। লগতে শিলচৰ ট্ৰাক চালক সন্থাৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰী, সন্থাৰ কৰ্মকৰ্তা নজিৰ উদ্দিন মজুমদাৰ আৰু আন কৰ্মকৰ্তাসকলেও তাত উপস্থিত হৈ সহায়তা আগবঢ়ায়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং