25.4 C
Guwahati
Thursday, October 14, 2021
More

    বাতিল নহ’ল ডেথ ৱাৰেণ্ট, কাইলৈ পুৱা ফাঁচীকাঠত ওলমিব নিৰ্ভয়াৰ দোষী!

    শুনানিৰ পূৰ্বে নিৰ্ভয়াৰ মাতৃয়ে ক'লে যে মই ৭ বছৰ ৩ মাহ ধৰি সংঘৰ্ষ কৰি আছো। তেওঁলোকে কৈছে আমাক ক্ষমা কৰি দিয়ক। কোনোবাই কয় মোৰ স্বামী, মোৰ সন্তানৰ ভুল কি। মই কও যে মোৰ কন্যাৰ কি ভুল আছিল?

    নিৰ্ভয়াৰ দোষী পৱন কুমাৰে খালে মুখ থেকেচা। উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে পৱন কুমাৰৰ কিউৰেটিভ পিটিচন। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছত দোষী অক্ষয় আৰু পৱনে জনোৱা আৱেদনো পাটিয়ালা হাউচ ক’ৰ্টে খাৰিজ কৰিলে।

    ইয়াৰ মাজতে দোষী পৱনৰ অধিবক্তা এপি সিং পাটিয়ালা হাউচ ক’ৰ্টত উপস্থিত হয় আৰু তেওঁ ক’লে যে ডেথ ৱাৰেণ্টখন বাতিল হ’ব লাগে কাৰণ পৱনে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা-ভিক্ষা আৱেদন জনাইছে। এই সন্দৰ্ভত দুপৰীয়া ২ বজাত শুনানি গ্ৰহণ কৰে। নিৰ্ভয়াৰ মাতৃৰ দাবী যে কাইলৈ হ’ব দোষীৰ ফাঁচী।

    পৱন কুমাৰে একমাত্ৰ দোষী যাৰ আইনী বিকল্প বাচি আছিল। আজি পৱনৰ কিউৰেটিভ পিটিচন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। শুনানিৰ পূৰ্বে নিৰ্ভয়াৰ মাতৃয়ে ক’লে যে মই ৭ বছৰ ৩ মাহ ধৰি সংঘৰ্ষ কৰি আছো। তেওঁলোকে কৈছে আমাক ক্ষমা কৰি দিয়ক। কোনোবাই কয় মোৰ স্বামী, মোৰ সন্তানৰ ভুল কি। মই কও যে মোৰ কন্যাৰ কি ভুল আছিল?

    Photo: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং