29 C
Guwahati
Monday, October 25, 2021
More

    নিৰ্ভয়া কাণ্ডঃ পৱনৰ ক্ষমা আৱেদন খাৰিজ, ডেথ ৱাৰেণ্টৰ বাবে আৱেদন দাখিল

    ইয়াৰ পূৰ্বে পাটিয়ালা হাউছ কৰ্টে ৩ মাৰ্চৰ বাবে জাৰি কৰা তৃতীয়খন ডেথ ৱাৰেণ্টো স্থগিত কৰি ৰাখিছি

    ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিৰ্ভয়াৰ অপৰাধী পৱন গুপ্তাৰ ক্ষমা আৱেদন খাৰিজ কৰিলে। এতিয়া ৪ অপৰাধীৰ ফাঁচীৰ তাৰিখ অৰ্থাৎ ডেথ ৱাৰেণ্ট জাৰি হোৱাৰো পথ মুকলি হ’ল। উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অনুসৰি ক্ষমা আৱেদন খাৰিজ হোৱাৰ পিছত পৱন গুপ্তাক ১৪ দিনৰ জাননী প্ৰেৰণ কৰা হ’ব। ১৪ দিনৰ পিছত ৪ অপৰাধীৰ ফাঁচী হোৱাটো নিশ্চিত।

    ক্ষমা আৱেদন খাৰিজ হোৱাৰ পিছত নিৰ্ভয়াৰ অধিবক্তাই আজি পাটিয়ালা হাউছ কৰ্টে আৱেদন দাখিল কৰিছে। আদালতক ৪ অপৰাধীৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাৰ বাবে দাবী জনাইছে। কিন্তু বৰ্তমানেও পৱনে নিজৰ ক্ষমা আৱেদনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিব পাৰে। পৱনৰ অন্তিমটো বিকল্পও সমাপ্ত।

    ইয়াৰ পূৰ্বে পাটিয়ালা হাউছ কৰ্টে ৩ মাৰ্চৰ বাবে জাৰি কৰা তৃতীয়খন ডেথ ৱাৰেণ্টো স্থগিত কৰি ৰাখিছিল। ডেথ ৱাৰেণ্ট স্থগিত কৰি দিল্লীৰ পাটিয়ালা হাউছ কৰ্টে কৈছিল যে ফাঁচীৰ পূৰ্বে অধিকাৰ আছে অপৰাধীৰ যে সকলো আইনী বিকল্প ব্যৱহাৰ কৰিব পাৰে।

    Photo credit: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং