28 C
Guwahati
Tuesday, October 4, 2022
More

    বহুবিতৰ্কিত ‘কুকুৰ মাংস মহোৎসৱ’ আৰম্ভ সমগ্ৰ বিশ্বতে কৰ’ণা বিয়পোৱা চীনত

    কুকুৰ মাংস মহোৎসৱ ২০০৯ ৰ পৰা পালন কৰি আহিছে চীনাসকলে। এই উৎসৱ ১০দিন পৰ্যন্ত উদযাপন কৰে চীনাসকলে

    সমগ্ৰ বিশ্বৰ এতিয়া এটাই চিন্তা কেনেকৈ মহামাৰী কৰ’ণা ৰোধ কৰিব পাৰি। ৰঙা চীনৰ কাৰণেই বিশ্বৰ প্ৰতিখন দেশলৈ বিয়পিল এই কৰ’ণা। প্ৰাণ কাঢ়িলে লাখ লাখ মানুহৰ।

    পিছে সেই চীনে এতিয়া আৰম্ভ কৰিছে বহুবিতৰ্কিত ‘কুকুৰ মাংস মহোৎসৱ’। যি মহোৎসৱৰ আৰম্ভণিৰে পৰা বিৰোধীতা কৰি আহিছে প্ৰাণী সুৰক্ষা সমিটি সকলে।

    চীনৰ য়ুলিন চহৰত আৰম্ভ হৈছে এই বিতৰ্কিত মহোৎসৱ। লাইচী আৰু দগ মীট চীনদেশৰ লোকসকলে গৰমৰ দিনত উৎসৱ হিচাবে পালন কৰে।

    এই বাৰ্ষিক মহোৎসৱ চীন দেশৰ ইউলিন আৰু গোৱাংশ্বী চহৰত পালন কৰা হয়।

    কুকুৰ মাংস মহোৎসৱ ২০০৯ ৰ পৰা পালন কৰি আহিছে চীনাসকলে। এই উৎসৱ ১০দিন পৰ্যন্ত উদযাপন কৰে চীনাসকলে।

    এই দহটা দিনত প্ৰায় ১০ৰ পৰা ১৫ হাজাৰ বিভিন্ন প্ৰজাতিৰ কুকুৰ ভক্ষণ কৰে চীনাসকলে।

    কুকুৰৰ মাংস ভক্ষণ চীনদেশত ৪হাজাৰ বছৰ পূৰ্বেই আৰম্ভ হৈছিল।

    চীন দেশৰ চিকিৎসকসকলৰ মতে গৰমৰ দিনত কুকুৰৰ মাংস ভক্ষণ কৰিলে শৰীৰত গৰমৰ উত্তাপ কম হয়, গৰম দূৰ কৰে।

    কৰ’ণাৰ সন্ত্ৰাসৰ বাবে এনে মহোৎসৱ আয়োজনৰ বিৰোধিতা কৰিছিল একাংশই।

    পিছে তাৰ মাজতো চীন চৰকাৰে মহোৎসৱ আয়োজনক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    Photo Credit: NBC News

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং