28 C
Guwahati
Monday, September 26, 2022
More

    শোকাৱহ! ৰাজ্যত পুনৰ ঠিকাভিত্তিক টেট শিক্ষকৰ আত্মহত্যা

    ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত আজি ৰাজ্যজুৰি চলিছিল প্ৰতিবাদ

    ৰাজ্যত অব্যাহত টেট শিক্ষকৰ আত্মহত্যাৰ ঘটনা। এইবাৰ বৰপেটাৰ কলিতা পাৰাত এগৰাকী অবিবাহিত ঠিকাভিত্তিক টেট শিক্ষকে নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে। ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।

    আত্মহত্যা কৰা শিক্ষকজনৰ নাম ধৰ্মেন্দ্ৰ মেধি। আত্মহননৰ পথ বাচি লোৱা শিক্ষকজনৰ ঘৰ বহৰিৰ কলিতা পাৰাত। চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৯২৫ নং মালিপাৰা প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আছিল লোকজন। চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ লগতে চাকৰি হেৰুৱাৰ হতাশাত ভুগি এনেধৰণৰ কাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

    ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰি টেট শিক্ষকৰ জীৱন ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দাবী জনাইছে পৰিয়ালৰ লোকে।

    উল্লেখ্য যে, ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত আজি ৰাজ্যজুৰি চলিছিল প্ৰতিবাদ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং