16 C
Guwahati
Friday, January 21, 2022
More

    গুৱাহাটীত কণ্টেইনমেণ্ট এলেকা বৃদ্ধি, ৰুক্মিণীগাঁৱৰ পিছত এইবাৰ ফটাশিলৰ দাতালপাৰা

    ফটাশিলৰ দাতালপাৰা, কটাহবাৰীৰ ভাড়াঘৰ সমুহ খালী কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ

    কণ্টেইনমেণ্ট জ’ন ঘোষণা ফটাশিলৰ দাতালপাৰা। ত্ৰিপুৰাত কভিড-১৯ পজিটিভ পোৱা এজন যুৱক যোৱা ১৩ তাৰিখে গৈছিল দাতালপাৰাৰ পৰা ত্ৰিপুৰালৈ। মুঠ ১৬ জন যুৱকে একেলগে বাস কৰিছিল দাতালপাৰাৰ এটা ভাড়া ঘৰত।

    এটা কছমেটিক কোম্পানীৰ ডেলিভাৰী ব’য় হিচাপে কৰ্মৰত আছিল যুৱক কেইজন। যোৱা ১৩ তাৰিখে এখন গাড়ী ভাড়া কৰি একেলগে ত্ৰিপুৰালৈ গৈছিল কেউজন যুৱক। তাৰেই এজনৰ দেহত কালি নমুনা পৰীক্ষাৰ পিছত শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰে। যুৱকজনৰ নাম ইন্দ্ৰজিত নমসুদ্ৰ বুলি জানিব পৰা গৈছে।

    ফটাশিলৰ দাতালপাৰাৰ পৰা যোৱাৰ পিছতে যুৱক জনৰ শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰাত এতিয়া সেই অঞ্চলৰ সকলোৰে স্বাৱ পৰীক্ষা কৰিব। আনহাতে ফটাশিলৰ দাতালপাৰা, কটাহবাৰীৰ ভাড়াঘৰ সমুহ খালী কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।

    উল্লেখ্য যে, গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰো এটা এলেকাক কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। ত্রিপুৰাৰে এগৰাকী যুৱতী আছিল ৰুক্মিণীগাঁৱৰ এটা ভাড়াঘৰত। যুৱতীগৰাকীৰ দেহত ধৰা পৰিছিল কভিডৰৰ উপস্থিতি। আক্রান্ত যুৱতীগৰাকীৰ নাম শ্বিয়াৰী দেৱবাৰ্মা। ৰুক্মিণীগাঁৱৰ এছ কে বৰুৱাৰ ২ নং উপপথৰ ২২ নং আবাসত যুৱতীগৰাকীয়ে বাস কৰিছিল।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং