সমগ্ৰ দেশতে বৃদ্ধি হৈ আছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা।
দেশৰ লগতে অসমৰো বিভিন্ন জিলাত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে পজিটিভ লোকৰ সংখ্যা।
সেই একেধৰণে গুৱাহাটী মহানগৰীতো দিনে দিনে বৃদ্ধি পাইছে কৰ’ণা পজিটিভ লোকৰ সংখ্যা।
মহানগৰীত কৰ’ণা পজিটিভৰ সংখ্যা বৃদ্ধি পোৱা বাবে ২৯ জুনৰ পৰা সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
১৪ দিনীয়া এই লকডাউনৰ সময়ছোৱাত আজিৰে পৰা ১২ জুলাইলৈ প্ৰশাসনে ঘোষণা কৰিছে আনলক।
এই সময়ছোৱাত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কেতবোৰ প্ৰতিষ্ঠান কঠোৰ নীতি–নিয়মৰ মাজেৰে খুলিব পাৰিব। শাক-পাচলিৰ মূল্যৰ ক্ষেত্ৰতো প্ৰশাসনে নিৰ্ধাৰিত কৰিছে মূল্য।
নিৰ্ধাৰণ কৰা মূল্যতকৈ অধিক মূল্য ল’ব নোৱাৰিব ব্যৱসায়ীয়ে।

প্ৰশাসনে নিৰ্ধাৰণ কৰা শাক-পাচলিৰ মূল্য ক্ৰমে- নতুন আলু ৩০ টকা প্ৰতি কিলোত, কুণ্ডলী প্ৰতি কিলোত ৩২ টকা,
স্কোৱাচ প্ৰতি কিলোত ৫০ টকা, বিলাহী প্ৰতি কিলোত ৫০ টকা, কেপচিকাম প্ৰতি কিলোত ৮০ টকা,
প্ৰতিটো নেমুত ৩টকাকৈ, ফ্ৰেন্সবিন প্ৰতি কিলোত ৯০ টকা, গাজৰ প্ৰতি কিলোত ৯০ টকা, জলকীয়া প্ৰতি কিলোত ৬০ টকা,
বন্ধাকবি প্ৰতি কিলোত ৩০ টকা, ভেন্দি প্ৰতি কিলোত ৩০ টকা।
সেই একেধৰণে ৰঙালাও প্ৰতি কিলোত ২০ টকা, জিকা প্ৰতি কিলোত ৩৫ টকা, কুমুৰা প্ৰতি কিলোত ৩০ টকা,
পটল প্ৰতি কিলোত ৩০ টকা, লেচেৰা প্ৰতি কিলোত ৪০ টকা,
তিতা কেৰেলা প্ৰতি কিলোত ৪০ টকা, ভোল প্ৰতি কিলোত ৩০ টকা, তিয়ঁহ প্ৰতি কিলোত ৩০ টকা,
পানীলাও প্ৰতি কিলোত ৩৫ টকা, মটৰ প্ৰতি কিলোত ৮৫ টকা, বেঙেণা প্ৰতি কিলোত ৪০ টকা,
ভাট কেৰেলা প্ৰতি কিলোত ৪৬ টকা, ধনীয়া প্ৰতি মুঠাত ৫ টকা, ওলকবি প্ৰতি কিলোত ৪০ টকা,
কচু প্ৰতি কিলোত ৪০ টকা, ধুণ্ডুলী প্ৰতি কিলোত ৩০ টকা আৰু মূলা প্ৰতি কিলোত ৩৫ টকাকৈ ধাৰ্য কৰা হৈছে।
ইফালে সোমবাৰৰ পৰা মহানগৰীত সম্পূৰ্ণ লকডাউনত কিছু শিথিলতা প্ৰদান কৰা হ’ব।
পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকিব গেলামালৰ দোকান।
সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব গেলামালৰ দোকান।
লকডাউনৰ নিয়ম মানি ভিৰ নকৰাকৈ দোকানলৈ যাবলৈ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ।
গ্লোভচ আৰু মাস্ক পৰিধান কৰিহে দোকানলৈ যাব পাৰিব।
দোকানীৰ পৰা বস্তু ক্ৰয় কৰোতে সাৱধানতা অৱলম্বনৰ আহ্বান জনাই মন্ত্ৰী শৰ্মাই।
Photo Credit: google