বাজেট ভাষণৰ মাজতে সদনত উত্তপ্ত পৰিস্থিতি। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট পাঠ কৰি থকাৰ সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অভিযোগ উত্থাপন কৰে যে এই বাজেট ইতিমধ্যে ৰাজহুৱা হৈছে। বিৰোধীয়ে কৰা বিৰোধিতাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই বাজেট পাঠ অব্যাহত ৰাখে।
তাৰ পিছতে বাজেট নুশুনাকৈ সদন ত্যাগ কৰিলে কংগ্ৰেছ দলে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অজন্তা নেওগ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনক ধৰি বহুকেইজন কংগ্ৰেছী নেতাৰ সদন ত্যাগ।