30 C
Guwahati
Wednesday, October 5, 2022
More

    আমি জাপ জাপ তথ্যৰে দেখুৱাম কোন কোন স্বদেশী বাদ পৰিছে NRCৰ পৰাঃ কংগ্ৰেছ

    আজি NRCত বিদেশী সোমাল বুলি কন্দা কটা কৰা বিজেপি আৰু অগপই আপত্তি নকৰিলে কিয়। বিদেশী বিদেশী বুলি দোকানখন খোলা ৰাখিব বিচাৰিছেঃ ৰিপুণ বৰা

    NRCক লৈ কিয় মৌন অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী। NRCক লৈ বিজেপিয়ে নিজৰ দোষ ঢাকিবলৈ চালে বেৰে কোবোৱা কথা কৈছে। আজি কিয় ক্ৰেডিট খাবলৈ নাহে, NRCৰ ড্ৰাফটক লৈ ক্ৰেডিট খোৱা বিজেপিয়ে আজি NRC মানি লোৱা নাই কিয় বুলি ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই।

    সংবাদমেলত উপস্থিত থাকিব নোৱাৰিলে বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া। আজি NRCত বিদেশী সোমাল বুলি কন্দা কটা কৰা বিজেপি আৰু অগপই আপত্তি নকৰিলে কিয়। বিদেশী বিদেশী বুলি দোকানখন খোলা ৰাখিব বিচাৰিছে। মানুহক আবেগিকভাৱে শোষণ কৰি মেৰুকৰণ কৰিব বিচাৰিছে ৱুলিও সংবাদেমেলত অভিযোগ ৰিপুণ বৰাৰ।

    Supreme court-এ গাইড লাইন দিছে, ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিছে কিন্তু কোনো ন্যায়াধীশ আহি চাই থকা নাই। আপোনালোকে দেখুৱাই দিয়ক কোন কোন বিদেশীৰ নাম সোমাইছে। আমি জাপ জাপ তথ্যৰে দেখুৱাম কোন কোন স্বদেশী বাদ পৰিছে বুলি সংবাদমেলত মন্তব্য কংগ্ৰেছৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং