লাডাখৰ গলৱানত ভাৰত আৰু চীনৰ মাজত হোৱা ৰক্তাক্ত সংৰ্ঘষৰ পিছতে অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে।
লগতে দেশৰ ভিতৰতে ৰাজনৈতিক দলসমূহেও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আছে।
এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিলে যে এনেকুৱা পৰিস্থিতিত অস্ত্ৰ-শস্ত্ৰ নোহাৱাকৈ ভাৰতীয় জোৱানসকলক পঠোৱাৰ দায়ী কোন হয়।
বিগত প্ৰায় ডেৰ মাহৰ পৰা LACত চলি থকা অশান্তিকৰ পৰিৱেশৰ মাজতে ১৫ জুনৰ নিশা দুয়োখন দেশৰ জোৱানসকলৰ মাজত সংঘটিত হয় তুমুল সংৰ্ঘষ।
এই সংৰ্ঘষত ২০ গৰাকী ভাৰতীয় জোৱান শ্বহীদ হয়।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে দুয়ো পক্ষৰ ফালৰ পৰা এই সংৰ্ঘষত কোনোধৰণৰ গুলীয়াগুলী হোৱা নাছিল।
তাৰ বিপৰীতে তেওঁলোকে পাথৰ আৰু ৰডৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
‘অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈ কিয় পঠোৱা হৈছিল?’
ইমান সংবেদশীল পৰিস্থিতিত কোনোধৰণৰ প্ৰচলিত অস্ত্ৰ-শস্ত্ৰ নোহোৱা বাবে বৃহৎ সংখ্যক জোৱান শ্বহীদ হোৱা ঘটনাই এইটো বিষয় এতিয়া অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ টুইট কৰিলে আৰু ভিডিঅ’টোত প্ৰশ্ন উত্থাপন কৰিলে যে, “চীনে ভাৰতৰ অস্ত্ৰ-শস্ত্ৰহীন জোৱানক হত্যা কৰি বহুত ডাঙৰ অপৰাধ কৰিছে।
মই সুধিব বিচাৰিছো যে এইসকল জোৱানক অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈ বিপদৰ সন্মুখীন হ’বলৈ কোনে আৰু কিয় প্ৰেৰণ কৰিছিল? ইয়াৰ দায়ী কোন হয়?”
ঘটনাৰ ২ দিন পিছত ১৮জুন বৃহস্পতিবাৰে এখন ফটো পোহৰলৈ আহে।
LACত হোৱা ঘটনাৰ পিছত চীন সেনাৰ কোনো ষড়যন্ত্ৰ থকাৰ সংকেত দিয়ে ফটোখনে।
দৰাচলতে চীন সেনাই যি ৰড ভাৰতীয় জোৱানসকলক আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰিছিল তাত অত্যাধিক গজাল আৰু কাইটীয়া তাঁৰ লগোৱা আছিল।
উল্লেখ্যযোগ্য যে, ১৯৯৬ত দুয়োখন দেশৰ মাজত বুজাবুজি হৈছিল। সেই অনুসৰি, ভাৰত-চীন সীমাত দুয়োখন দেশৰ সেনাই গুলী চলাব নোৱাৰে আৰু সেইবাবে প্ৰায়ভাগেই LACত জোৱানসকল কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈ থাকে।
Photo Credit: www.hindustantimes