19 C
Guwahati
Sunday, November 27, 2022
More

    অতি শীঘ্ৰেই সমাপ্ত হ’ব ছোনীয়া গান্ধীৰ কাৰ্যকাল , কোন হ’ব দলৰ নতুন অধ্যক্ষ?

    বিগত এবছৰৰ পৰা ছোনীয়া গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।

    অহা ১০ আগষ্টত তেওঁৰ কাৰ্যকাল সমাপ্ত হ’ব ।

    এয়া বৃদ্ধি কৰিবৰ বাবে অতি শীঘ্ৰেই চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত কৰিব লাগিব আৰু দলৰ সিদ্ধান্ত ১০ আগষ্টৰ ভিতৰত নিৰ্বাচন আয়োগক জনাব লাগিব।

    আনহাতে কংগ্ৰেছে আয়োগক কৈছে যে কৰ’ণা মহামাৰীৰ ফলত যোৱা ২৫ মাৰ্চৰ পৰা হোৱা লকডাউনৰ বাবে নতুন অধ্যক্ষ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হোৱা নাই ।‌

    এই ক্ষেত্ৰত আয়োগে কৈছে যে ১০ আগষ্টৰ ভিতৰত নতুন‌ অধ্যক্ষ নিৰ্বাচন নকৰিলে আয়োগে ইয়াৰ ওপৰত চৰ্চা কৰিব ।‌

    ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় অধ্যক্ষ পদৰ নিৰ্বাচনৰ বিষয়ে জানিবৰ বাবে কংগ্ৰেছলৈ নোটিছ প্ৰেৰণ কৰিছে ।‌

    বিগত বৰ্ষৰ ১০ আগষ্টত ছোনীয়া গান্ধীয়ে কাৰ্যকৰী অধ্যক্ষ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল ।

    উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৫২ খন‌ আসন লাভ কৰিছিল।‌এই নিৰ্বাচন পৰাজয়ৰ কাৰণ ৰাহুল গান্ধীয়ে মুৰ পাতি লৈ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল।

    সেই সময়ত তেওঁ কৈছিল যে তেওঁ অধ্যক্ষ হিচাপে কাম কৰিব নিবিচাৰে যদিও দলৰ হৈ কাম কৰি যাব ।

    photo credit : twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং