30 C
Guwahati
Wednesday, October 27, 2021
More

    বিধানসভা ত্যাগ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ

    অসমীয়া ভাষা জীয়াই থকিব দিয়ক ,সংবিধান বিৰোধী CAB নচলিব, অসম চুক্তি ৰূপায়ন কৰক

    NRC আৰু CAB লৈ বিধানসভাৰ বাহিৰত ধৰ্ণা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ। শীতকালীন বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনতেই দুই বিৰোধী দলৰ ধৰ্ণা কাৰ্যসtচী। অসম চুক্তিৰ ওপৰত আলোচনা কৰিম বুলি নকৰাৰ বাবেই এইদৰে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দুয়োদলে।

    এই প্ৰতিবাদৰ লগত সংগতি ৰাখি দলটোৱে প্লে’ কাৰ্ডো প্ৰদৰ্শন কৰে। অসমীয়া ভাষা জীয়াই থকিব দিয়ক ,সংবিধান বিৰোধী CAB নচলিব, অসম চুক্তি ৰূপায়ন কৰক।

    Video Credit: time8

    অন্যহাতে কংগ্ৰেছে বিধানসভাৰ মুখ্যদ্বাৰত বাট ভেটিলে শাসকীয়ৰ দ্বাৰত। বিধানসভা চৌহদত ৰূপজ্যোতি কুৰ্মী আৰু কমালক্ষ পুৰকায়স্থৰ প্ৰতিবাদ। NRCত সংখ্যালঘুৰ ওপৰত মানসিক নিৰ্যাতন চলা আৰু বহুকেইখন চাহ বাগান বন্ধ হোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত বিৰোধী দলৰ।

    পিছত বিধায়িনী দলপতি দেৱব্ৰত শইকীয়াই বুজনি দি ভিতৰলৈ লৈ যায় দুয়োকে। সদনৰ ভিতৰত বিষয়সমূহ উত্থাপন কৰা হ’ব বুলি বুজনি দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং