পানবজাৰ মহিলা আৰক্ষী থানাত ৰুজু হোৱা নাবালিকা ধৰ্ষণৰ ঘটনাৰ ভয়ংকৰ তথ্য প্ৰকাশ। পানবজাৰ আৰক্ষীক সাক্ষী দিবলৈ আহি সাংবাদিক গৌতম শৰ্মাই প্ৰকাশ কৰিলে এই তথ্য। নিৰ্যাতিত কিশোৰীৰ মাতৃৰ সৈতে যোগাযোগ স্হাপন কৰাত পোহৰলৈ আহিছে নতুন তথ্য।
ভুক্তভোগী কিশোৰীৰ পিতৃক হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছিল খুড়াকে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃৰ চকুৰ সন্মুখতে সংঘটিত হৈছিল এই ঘটনা। হাতুৰিৰে কোবাই হত্যা কৰা হৈছিল পিতৃক। ছাত্ৰীগৰাকীক মাতৃয়ে লগত ৰাখিব বিচাৰিছিল কিন্তু বলপূৰ্বকভাৱে ছাত্ৰীগৰাকীক খুড়াক আৰু জেঠায়েকে লগত ৰাখিছিল। মাতৃয়ে গুৱাহাটীত লৈ যাব আহিছিল কিন্তু নিবলৈ দিয়া নাছিল।
ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃক অৱগত নকৰাকৈ কিশোৰীগৰাকীৰ সলনি কৰিছিল উপাধি। বেমাৰ ভাল কৰিম বুলি খুড়াকে যৌন নিৰ্যাতন চলাইছিল। কিশোৰীগৰাকীয়ে পঢ়ি থকা স্কুলৰ শিক্ষকৰ আগত এই কথা স্পষ্ট কৰিছিল।
ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰৰ দাবী সাংবাদিক গৌতম শৰ্মাৰ। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনাব। কিশোৰীগৰাকীৰ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্হা গ্ৰহণ কৰাৰো দাবী জনাব।
photo credit: hindustantimes.com