বৰপেটা চহৰৰ মেটুৱাকুছিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুনীমা পাৰভীনক৷ ১৯ আগষ্টত ৰুনীমা পাৰভীন নামৰ ছাত্ৰীগৰাকীৰ চুৰিকাঘাটত ৰহস্যজনকভাৱে নিহত হৈছিল লম্পট প্ৰেমিক৷

বি বি কে কলেজৰ সমীপত ছাত্ৰীগৰাকীৰ চুৰিকাঘাটত নিহত হৈছিল প্ৰেমিক মইদুল ইছলাম ৷ ঘটনাৰ পিছৰেপৰাই পলাতক হৈ আছিল যুৱতীগৰাকী। ঘটনাটো সংঘটিত হোৱাৰ ৪ দিন পিছত আজি গ্ৰেপ্তাৰ কৰে ছাত্ৰীগৰাকীক।
বি বি কে কলেজৰ বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৰুনীমা। ছাত্ৰীগৰাকীক প্ৰৱঞ্চনা কৰা মইদুলে মৃত্যুৰ তিনিদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল আন এগৰাকী যুৱতীৰ সৈতে৷ প্ৰেমিকৰ প্ৰৱঞ্চনাৰ বাবেই ঘটনাতো সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ৷
Barpeta | Edited by: Dulu Medhi