26 C
Guwahati
Thursday, September 29, 2022
More

    মহানগৰীৰ ছাত্ৰী যৌন নিৰ্যাতনৰ ঘটনাঃ গ্ৰেপ্তাৰ খুড়াক আৰু জেঠায়েক

    অভিযুক্ত খুড়াক, জেঠায়েক আৰু জেঠায়েকৰ পুত্ৰৰ বিৰুদ্ধে শুকুৰবাৰে পানবজাৰ সদৌ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই

    গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী কলেজীয়া ছাত্ৰীক আত্মীয়ই চলালে যৌন নিৰ্যাতন। বহু বছৰ ধৰি আত্মীয়ৰ যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে। নিজৰ খুড়াক, জেঠায়েক আৰু জেঠায়েকৰ পুত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত কৰিছে। শুকুৰবাৰে পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খুড়াক আৰু জেঠায়েকক। বৰ্তমানেও পলাতক জেঠায়েকৰ পুত্ৰ। অভিযুক্ত খুড়াক, জেঠায়েক আৰু জেঠায়েকৰ পুত্ৰৰ বিৰুদ্ধে শুকুৰবাৰে পানবজাৰ সদৌ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই। সাংবাদিকগৰাকীৰ গোচৰৰ ভিত্তিতে দুয়োজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা

    উল্লেখ্য যে, বহু বছৰ ধৰি আত্মীয়ৰ যৌন নিৰ্যাতনৰ বলি হৈ আহিছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ছাত্ৰীগৰাকী। পিতৃৰ বিয়োগ আৰু মাতৃৰ দ্বিতীয় বিবাহৰ পিছত জেঠায়েকৰ ঘৰত থাকিবলৈ লৈছিল ছাত্ৰীগৰাকীয়ে। প্ৰথমে জেঠায়েকৰ স্বামী আৰু তাৰ পিছত পুত্ৰৰ যৌন নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী। বহু বছৰ এই নিৰ্যাতন চলাৰ পিছত অৱশেষত ছাত্ৰীগৰাকীক লৈ গৈছিল খুড়াকে। কিন্তু পিছত খু়ড়াকেও যৌন নিৰ্যাতন চলাব আৰম্ভ কৰিছিল।

    ধৃত জেঠায়েক

    বহু বছৰ ধৰি আত্মীয়ৰ এই অত্যাচাৰ সহ্য কৰি অহা ছাত্ৰীগৰাকীয়ে অৱশেষত এই কথা জনাই শিক্ষাগুৰুসকলক। ছাত্ৰীগৰাকীৰ হৈ কোনেও মাত মাতিবলৈ ওলাই নহাত শুকুৰবাৰে পানবজাৰৰ সদৌ মহিলা আৰক্ষী থানাত ভুক্তভোগী ছাত্ৰীগৰাকীৰ হৈ এজাহাৰ দাখিল কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই। বৰ্তমান ছাত্ৰীগৰাকীক ৰখা হৈছে চাইল্ড লাইনত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং