দেওবাৰে মধ্যপ্ৰদেশৰ ৰাজগড়ত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত ত্ৰিৰংগা যাত্ৰা উলিওৱা বিজেপি কৰ্মী আৰু প্ৰশাসনৰ মাজত সংঘৰ্ষ হয়। ৰাজগড়ৰ কালেক্টৰ নিধি নিবেদিতাই ১৪৪ ধাৰা জাৰি হোৱা বাবে বিজেপি কৰ্মীসকলক প্ৰতিবাদ কৰাত বাধা প্ৰদান কৰে যদিও মান্তি নহ’ল প্ৰতিবাদকাৰীসকল।
সেই সময়তে কৰ্মীসকলৰ সৈতে কালেক্টৰৰ তীব্ৰ বাক-বিতণ্ডা হয় আৰু তেওঁ এজন নেতাক পূৰ্ণহতীয়া চৰ শোধাই। ইয়াৰ পিছতে যথেষ্ট উত্তাল হৈ পৰে পৰিস্থিতি। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে লাঠীচাৰ্জ কৰে আৰু ২জন বিজেপি কৰ্মী গুৰুতৰভাৱে আহত হয়।

ৰাজগড়ৰ মুখ্য কাৰ্যালয়ত CAAৰ সমৰ্থনত বিজেপিৰ অনুষ্ঠানসমূহত ১৪৪ ধাৰা জাৰি হোৱাৰ বাবে অনুমতি প্ৰদান কৰা নাছিল। ইয়াৰ পিছতো আইনক গুৰত্ব প্ৰদান নকৰি একত্ৰিত হয় বিজেপি কৰ্মী। ৰাজগড়ৰ কালেক্টৰ নিধি নিবেদিতা আৰু আৰক্ষী অধীক্ষকে বিজেপি কৰ্মীসকলক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকলৰ অব্যাহত থাকিল প্ৰতিবাদ। বিজেপি কৰ্মীসকলে ৰেলী উলিওৱাবৰ বাবেও চেষ্টা কৰে। ইয়াৰ মাজতে আৰক্ষী প্ৰশাসন আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হয় হতাহতি।
ইয়াৰ মাজতে মহিলা বিষয়াক অভদ্ৰ আচৰণ আৰু তেওঁলোকৰ কাপোৰ ধৰাৰো ঘটনা সংঘটিত হয়। SDM প্ৰিয়া বৰ্মাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই। কেইবাজনো প্ৰতিবাদকাৰীক মাটিত বহিবলৈও কয়। ভিডিঅ’টোত জন প্ৰতিবাদকাৰীক চৰ শোধোৱাও দেখা পোৱা গৈছে। ইয়ৰ পিছতে SDM প্ৰিয়া বৰ্মাক বিজেপি কৰ্মীসকলে ঘেৰাও কৰে।
এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ টুইট
Photo credit: khabar.ndtv.com