23 C
Guwahati
Saturday, March 18, 2023
More

    বিজেপি বিধায়ক বলীন চেতিয়াৰ পৃষ্ঠপোষকতাত তিনিচুকীয়াত চলিছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায়;মোটা অংকৰ ধন যায় দিছপুৰলৈও

    অৰুণাচলৰ খাৰচাঙত কয়লা পৰিবাহী ট্ৰাক প্ৰৱেশ কৰাৰ লগে লগেই প্ৰতিখন ট্ৰাকৰ বিনিময়ত দিব লাগে এক লাখ ২০ হাজাৰ পৰ্যন্ত এন্ট্ৰি ফীজ

    ৰাজ্যত অব্যাহত ক’লা হীৰা কয়লাৰ ৰমৰমীয়া বেহা আৰু এইবাৰ ক’লা হীৰাৰ বৃহৎ চিণ্ডিকেট চলিছে অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ পৰা। অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ পৰা তিনিচুকীয়া জিলাত প্ৰতিনিশাই প্ৰৱেশ কৰে শ শ কয়লা পৰিবাহী ট্ৰাক ৷ তিনিচুকীয়া জিলা প্ৰশাসন কিম্বা তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখেৰেই নিতৌ নিশা শ শ কয়লা ভৰ্তি ট্ৰাকৰ কনভয় তিনিচুকীয়া জিলাৰ ডিৰাক গেট অতিক্ৰম কৰি কাকপথাৰ চহৰ হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ পাৰ হয়৷ অৰুণাচলৰ বিজেপিৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী চৌনা মেইনৰ লগতে শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ পৃষ্ঠপোষকতাত আৰু ডিগবৈৰ কয়লা মাফিয়া এছ এন আগৰৱালাৰ সহযোগত গুৱাহাটীৰ নবীন সিংঘাল নামৰ কয়লা মাফিয়াজনে চলাইছে কয়লাৰ এই বৃহৎ ছিণ্ডিকেট৷

    অভিযোগ অনুসৰি দিছপুৰৰ সেউজ সংকেততেই বিজেপিৰ বিধায়কৰ ছত্ৰছায়াত চলিছে কয়লাৰ চিণ্ডিকেট । ইফালে চোৰাং কয়লা মাফিয়াই একাংশক মেনেজ কৰাৰ বাবেই চোৰাং কয়লাৰ এই বৃহৎ ছিণ্ডিকেট দেখিও নেদেখাৰ ভাও ধৰিছে জিলা প্ৰশাসনৰ সমান্তৰালভাৱে জিলাখনৰ একাংশ দল সংগঠন । অৰুণাচলৰ খাৰচাঙত কয়লা পৰিবাহী ট্ৰাক প্ৰৱেশ কৰাৰ লগে লগেই প্ৰতিখন ট্ৰাকৰ বিনিময়ত দিব লাগে এক লাখ ২০ হাজাৰ পৰ্যন্ত এন্ট্ৰি ফীজ দিবলগা হয় বুলিও অভিযোগ উত্থাপন হৈছে।

    উক্ত এন্ট্ৰি ফিছৰ টকাৰেই একাংশক মেনেজ কৰাৰ লগতে মোটা অংকৰ ধন যায় দিছপুৰলৈও। এতিয়া প্ৰশ্ন হয় সততে দুৰ্নীতি মুক্ত চৰকাৰৰ মন্ত্ৰ আওৰাই থকা সৰ্বানন্দ সোণোৱালৰ চৰকাৰে সঁচাকৈয়ে দুৰ্নীতিমুক্ত কৰিব পৰিছেনে অসমক ? ৰাজ্য চৰকাৰৰে এগৰাকী প্ৰভাৱশালী বিধায়কৰ ছত্ৰছায়াত চলা এই বৃহৎ ছিণ্ডিকেট সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সময়তহে লক্ষণীয় হ’ব।

    Photo Credit:@abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং