27 C
Guwahati
Friday, May 20, 2022
More

    মহিলা খেলুৱৈক অশ্লীল মেছেজ দি শলঠেকত প্ৰশিক্ষক, কাণত ধৰাই শাস্তি বিহিলে পৰিয়ালে

    বশিষ্ঠৰ পাটৰকুছিত সংঘটিত হৈছে এই ঘটনা

    সৰুসজাইৰ মহিলা খেলুৱৈক প্ৰশিক্ষকে দিয়ে অশ্লীল মেছেজ। পৰিচালনাৰ দায়িত্বত থকা প্ৰশিক্ষকে কেইবাদিনো ধৰি দিছিল অশ্লীল মেছেজ। পিছত ভূক্তভোগী পৰিয়ালে ঘৰত মাতি নি অপৰাধীক নিজাববীয়াকৈ দিলে উচিত শাস্তি।

    সৰুসজাইৰ খেলুৱৈ যুৱতী-মহিলাক অশ্লীল মেছেজ দি কাণত ধৰা খালে প্ৰশিক্ষক আৰু মেনেজমেণ্টৰ কর্মীয়ে। বহুদিন ধৰি বশিষ্ঠৰ এগৰাকী মহিলাক অশ্লীল বাৰ্তা দি আহিছিল দুই ধুৰন্ধৰে।

    পিছত ভুক্তভোগী পৰিয়ালে ঘৰত মাতি কানত ধৰাই শাস্তি দিলে এথেলিকৰ প্ৰশিক্ষক নৱজিৎ মালাকৰ আৰু স্প’ৰ্টছ অথ’ৰিটী আসামৰ মেনেজমেণ্টৰ কর্মী জোন গায়ণ।

    এই ঘটনাক লৈ তীব্ৰ চৰ্চা আৰু চাঞ্চল্য সৰুসজাই ষ্টেডিয়ামত। পূৰ্বেও থানাত সোমাইছিল দুয়ো যুৱতী খেলুৱৈক অশ্লীল প্ৰস্তাৱ দি। পুনৰ একেই ঘটনাত জড়িত দুয়োজনক লজ্জাজনকভাৱে শাস্তি দিলে ভূক্তভোগী যুৱতীৰ পৰিয়ালৰ লোকে।

    বশিষ্ঠৰ পাটৰকুছিত সংঘটিত হৈছে এই ঘটনা। ঘটনাত জড়িত নৱজিৎ আৰু জোনৰ বিৰুদ্ধে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে বশিষ্ঠ থানাত।

    Photo Credit: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং