12.5 C
Guwahati
Saturday, January 29, 2022
More

    ৰমজান মাহত ঘৰতে নামাজ পঢ়ক, ৰোজা পালন কৰকঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    চাহ উদ্যোগ আৰু খেতিপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি কাম যাতে কৰিব পাৰে তাৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে উদ্যোগ বিভাগক- এই কথা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে

    উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকক সম্বোধন জনায়। ‘অসমৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন মৰ্মে অসমৰ বিভিন্ন ক্ষেত্ৰত কাম আৰম্ভ হৈছে। চাহ উদ্যোগ আৰু খেতিপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি কাম যাতে কৰিব পাৰে তাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে উদ্যোগ বিভাগক।’- এই কথা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    ‘অসমৰ কেইবাহাজাৰ চাহ-বাগিছাৰ চৰ্ডাৰ আৰু লাইন চকিদাৰৰ লগত কথা পাতিছো। লক্ষ্য হৈছে অসমৰ প্ৰতিগৰাকী লোক যাতে কৰ’ণা সংক্ৰমণৰ পৰা যাতে ৰক্ষা পৰে তাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী সাহাৰ্য দিয়াক লৈ কিছুমান অভিযোগ উত্থাপন হৈছে। অসৎ অভিপ্ৰায়ৰ সকলক শীঘ্ৰেই যাতে শাস্তি পাই তাৰ ব্যৱস্থা কৰা হ’ব। গাঁওবুঢ়াৰ লগতো আজি মত বিনিময় কৰিছো। চৰকাৰৰ লক্ষ্য হৈছে কোনো যাতে ভোকত থাকিবলগীয়া নহয়।’- বৈঠকত এই কথা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

    আজি কামৰূপ মহানগৰ জিলাৰ ৰিভিউ কৰা হয়। ৰিভিউ মিটিঙত উপস্থিত থাকে সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা আৰু ৰমেন্দ্ৰনাৰায়ন কলিতা। কামৰূপ মহানগৰ জিলা প্ৰশাসনক ২৪ ঘণ্টাই সক্ৰিয় হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ‘ৰমজান মাহত ঘৰতে বহি নামাজ পঢ়ি ৰোজা পালন কৰক ইছলামধৰ্মী লোকসকলে।’- এই আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ। ৰমজান মাহ উপলক্ষে গুৱাহাটীৰ ফল-মূল ব্যৱসায়ীৰ লগতো বৈঠক অনুষ্ঠিত কৰা হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং