মৰিয়নীৰ গাভৰু পৰ্বতত সংঘটিত হোৱা ঘটনাত মৰেল পুলিচৰ নামত ৰাইজৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দেৱাশিস গগৈৰ পৰিয়াললৈ সাহাৰ্য ঘোষণা।
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰে দেবাশিস গগৈৰ পৰিয়ালটোলৈ।
ঘটনাটোত আহত হোৱা আদিত্য দাস, ৰাজু বেদীয়া, চুমী কু্ৰ্মী আৰু অপ্সৰা কন্ধৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ২৫ হাজাৰকৈ টকাৰ সাহাৰ্য।
বুধবাৰে সন্ধিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই, আটছা, আটাছু, আছু আদি বহুকেইটা সংগঠনে আলোচনাত মিলিত হয়।
এই আলোচনাত সৰ্বসন্মতি ক্ৰমে লোৱা সিদ্ধান্ত অনুসৰি জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটিয়ে এই সাহাৰ্যৰ ঘোষণা কৰে।
উল্লেখ্য যে ২৯ মে’ৰ সন্ধিয়া মৰিয়নীৰ গাভৰু চাহ বাগিচাৰ আঠাইশ শিললৈ গৈছিল নকছাৰিৰ পৰা এটা যুৱকৰ দল। https://www.time8.in/debasish-murder-case-murder-or-it-is-an-accident/
যিটো দলত আছিল দেৱাশিস গগৈয়ো। তাতেই এদল নৰপিষাচে দেৱাশিসক নিৰ্বিচাৰে মাৰপিট কৰি হত্যাৰ চেষ্টা চলাই যায়।
পৰিয়ালৰ লোকে দেৱাশিসক সেই স্থানৰ পৰা কোনোমতে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।
কিন্তু দেৱাশিসে জীৱনৰ ওচৰত হাৰ মানি ৩০ মে’ৰ সন্ধিয়া প্ৰাণ ত্যাগ কৰে।
ইফালে পিতৃৰ এজাহাৰ ভিত্তিত আৰক্ষীৰ তদন্তত বৰ্তমানে মুঠ ১১জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।https://www.time8.in/debasish-murder-case-7-accused-sent-to-jorhat-central-jail/
মৰিয়নী গণপ্ৰহাৰৰ লগত জড়িত অভিযুক্তৰ নাম কেইটা ক্ৰমেঃ
সুনিল চবৰ, ৰাজেন চাওৰা, ৰমেশ চবৰ, পিণ্টু নায়ক, ভাইকন বৰা, দীপক চাঁওৰা, বিকাশ তাছা, ৰাধেশ্যাম কুৰ্মী, অশোক তাছা আৰু শচিন তাছা।