26 C
Guwahati
Friday, October 7, 2022
More

    বিজেপি নেতাক বিজেপি নেতাই ধৰিলে উভতি,মমিনুল আৱাল কংগ্ৰেছৰ এজেণ্ট বুলি কোনে দিলে আখ্যা?

    অসমৰ মুছলমানসকলক যি ভাগ ভাগ কৰাৰ পৰিকল্পনা মমিনুল আৱালে ৰচিছে সেয়া কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য বিজেপিৰ যুৱ নেতাগৰাকীৰ

    বিজেপি নেতাক বিজেপি নেতাই উভতি ধৰিলে। মমিনুল আৱালক কংগ্ৰেছৰ এজেণ্ট বুলি আখ্যা দিলে ভাৰতীয় জনতা যুৱ মৰ্চা গোৱালপাৰা জিলা সম্পাদক আবু বক্কৰ ছিদ্দিকে।

    সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে অসমৰ মিয়া আৰু ভাটিয়া মছুলমান বিধায়ক হ’ব নোৱাৰে বুলি যি তাচ্ছিল্য কৰি যি মন্তব্য আগবঢ়াইছিল তাক লৈ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিজেপিৰ যুৱ নেতা আবু বক্কৰ ছিদ্দিকে। অসমৰ মুছলমানসকলক যি ভাগ ভাগ কৰাৰ পৰিকল্পনা ৰচিছে সেয়া কেতিয়াও সম্ভৱ নহয়।

    আবু বক্কৰ ছিদ্দিক

    যদি তেওঁৰ সৎ সাহস আছে নিজৰ জিলাত নিৰ্বাচন খেলি দেখুৱাওক। তেওঁৰ নিজৰ জিলাতে এজন ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হ’ব নোৱাৰিব বুলি কয় আবু বক্কৰ ছিদ্দিকে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং